গণবাৰ্তা,ঢকুৱাখনা ,২ জানুৱাৰী: "কঠীয়াতলী আৰু কঠীয়া ভাল হ'লেহে খেতি ভাল হয়,লেহুকা কঠীয়াৰ পৰা সবল গছ নহয়।সেইদৰে ঘৰখনৰ পৰিৱেশ আৰু স...
গণবাৰ্তা,ঢকুৱাখনা ,২ জানুৱাৰী: "কঠীয়াতলী আৰু কঠীয়া ভাল হ'লেহে খেতি ভাল হয়,লেহুকা কঠীয়াৰ পৰা সবল গছ নহয়।সেইদৰে ঘৰখনৰ পৰিৱেশ আৰু সন্তানৰ প্ৰতি অভিভাৱক প্ৰতি মূহুৰ্ততে দায়বদ্ধ হলেহে সন্তানে ভাল ফলাফল কঢ়িয়াই আনিব পাৰে।" এই মন্তব্য ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গিৰীণ গগৈৰ। ঢকুৱাখনাৰ ঐতিহাসিক বৈষ্ণৱ পীঠ শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ প্ৰেক্ষাগৃহত আজি আয়োজিত বৈকুণ্ঠী সত্ৰাধিকাৰ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বঁটা আৰু বক্তৃতা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে-"ইচ্ছাশক্তি হ'ল আতাইতকৈ মহান শক্তি।এই শক্তিক যি পৰিকল্পনাৰে সু-প্ৰয়োগ কৰিব পাৰে তাৰ জীৱনত সফলতা আহিবই।" উল্লেখ্য যে আজি-২০১৯- ২০২০ বৰ্ষৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী বঁটা আগবঢ়োৱা হয়-লখিমপুৰ জিলাৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ অৰ্থাৎ-১০০ নম্বৰৰ ভিতৰত-১০০ নম্বৰ লাভ কৰা ঢকুৱাখনাৰ দুলীয়া গাঁৱৰ মেধাবী ছাত্ৰী শ্যামলীমা বৰুৱালৈ।এই বঁটাত আছে নগদ এটা একতোলা সোণৰ পদক,নগদ পাঁচ হাজাৰ টকা,মান পত্ৰ,শৰাই, গামোছা,চেলেং,আৰু গ্ৰন্থৰ টোপোলা।শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বনমালি সূতে কয় যে-"মা, মাতৃভাষা আৰু মাতৃভূমি এই কেইটাৰ বিষয়ত যি গুৰুত্ব নিদিয়ে তাৰ জীৱনত বিশেষ উন্নতি নাই।"ইফালে ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে উদ্বোধন কৰা এই অনুষ্ঠানতে বাসুদেৱ থান শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২০ বৰ্ষত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলকো মান পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় বাসুদেৱ থান নৰোৱা সত্ৰ উন্নয়ন সমিতিৰ ফালৰ পৰা।উল্লেখ্য যে ২০১০ চনৰ পৰা এই বঁটা ধাৰাবাহিকভাৱে প্ৰদান কৰি আহিছে শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰই।আজিৰ বঁটা প্ৰদান অনুষ্ঠানত-বঁটা প্ৰাপক শ্যামলীমা বৰুৱাৰ পিতৃ-মাতৃৰ লগতে বাসুদেৱথান নৰোৱা সত্ৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক-দেৱেন্দ্ৰ দেৱ গোস্বামী,বৰ্তমানৰ সম্পাদক দুৰ্লভ দেৱগোস্বামী,কনিষ্ঠ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামী,অৱসৰপ্ৰাপ্ত শিক্ষক ৰবিন্দ্ৰনাথ খনিকৰকে আদি কৰি বহুসংখ্যক লোক উপস্থিত থাকে।
No comments