Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নলবাৰীত সুভাষ চন্দ্ৰ বসুৰ ফটোৰ প্ৰদৰ্শনী মুকলি

  ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২০ জানুৱাৰীঃ  নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫ তম জন্ম দিৱস উপলক্ষে আজি অল ইণ্ডিয়া ডি এছ অৰ নলবাৰী জিলা কমিটিৰ উদ...


 ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২০ জানুৱাৰীঃ নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫ তম জন্ম দিৱস উপলক্ষে আজি অল ইণ্ডিয়া ডি এছ অৰ নলবাৰী জিলা কমিটিৰ উদ্যোগত এম এন চি বালিকা মহাবিদ্যালয়ৰ সন্মুখত নেতাজী সুভাষচন্দ্ৰ বসুৰ সুনিৰ্বাচিত উদ্ধৃতি, ফটোগ্ৰাফচৰ প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰা হয়। উক্ত প্ৰদৰ্শনী উন্মোচন কৰে এম এন চি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণচন্দ্ৰ গৌড়ে ।  উন্মোচন সভাত তেখেতে আজিৰ ছাত্ৰ-ছাত্ৰী তথা যুৱসমাজক নেতাজীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। লগতে উপস্থিত আছিল নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈন। সংগঠনৰ পক্ষৰ পৰা জনাই যে এই প্ৰদৰ্শনী অহা ৩১ জানুৱাৰীলৈকে  নলবাৰীৰ সমূহ ৰাইজৰ বাবে মুকলি ৰখা হ'ব। ১২৫ তম নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিৱস পালনৰ লগত সংগতি ৰাখি ২৩ জানুৱাৰী তাৰিখে এম এন চি বালিকা মহাবিদ্যালয়ত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হ'ব। সিদিনা পুৱা ৮-৩০ বজাৰ পৰা নেতাজী স্মাৰক চাইকেল ৰেলীয়ে উলুবাৰীৰ পৰা চামতা হৈ নলবাৰী নগৰ পৰিভ্ৰমণৰ কৰিব।এই দিনা ১১.৩০ বজাত এম এন চি বালিকা মহাবিদ্যালয়ত আলোচনা সভা - সাংস্কৃতিক অনুষ্ঠান আৰু ১.৩০ বজাত তিনিটা শাখাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩১ জানুৱাৰীত নন্দেশ্বৰ শইকীয়া সভাগূহ, নলবাৰী নাট্য মন্দিৰত দিনৰ এক বজাত দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতা আৰু আবেলি ৩.০০ বজাত নেতাজী জীৱনৰ আধাৰত চিনেমা প্ৰদৰ্শনী আৰু আবেলি ৫.৩০ বজাত পুৰস্কাৰ বিতৰণী সভা  অনুষ্ঠিত  হ'ব।উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী তথা সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰা হৈছে। চাইকেল ৰেলী আৰু প্ৰতিযোগিতা সমূহত নাম ভৰ্তিৰ বাবে ৮১৩৪৯৮৪৫৪৭-৭৬৩৬০৬৭৮৩৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷

No comments