Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

গণবাৰ্তা,হাউলী,৩০ জানুৱাৰীঃ  বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত শণিবাৰে দিনৰ ২ বজাত হাউলী নগৰত পেট্ৰ'ল-ডিজেলৰ আকাশলঙ্গী মূল্য বৃদ্ধিৰ বিৰু...


গণবাৰ্তা,হাউলী,৩০ জানুৱাৰীঃ বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত শণিবাৰে দিনৰ ২ বজাত হাউলী নগৰত পেট্ৰ'ল-ডিজেলৰ আকাশলঙ্গী মূল্য বৃদ্ধিৰ বিৰুদ্ধে  বাইক মটৰ ঠেলি ঠেলি এক প্ৰতিবাদী মিছিলৰ কাৰ্যসূচী  উলিয়ায় প্ৰতিবাদ সাব্যস্ত কৰে | কাৰ্যসূচী খনত যুৱ কংগ্ৰেছৰ কৰ্মী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, পেট্ৰ'লিয়াম মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বিজেপি হঠাও দেশ বচাওক, পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক , বিজেপি গ'বেক, যুৱ কংগ্ৰেছ জিন্দবাদ, বিজেপিৰ হিটলাৰী শাসন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে হাউলী নগৰ উত্তাল কৰি তোলে | উক্ত কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে কয় যে, পেট্ৰ'ল-ডিজেলৰ আকাশলঙ্গী মূল্যবৃদ্ধি হোৱাৰ ফলত লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি হোৱাত সৰ্ব সাধাৰণ ৰাইজ জীয়াতু ভুগিবলগীয়া হৈছে | নৰেন্দ্ৰ মোডী তথা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে | আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি চৰকাৰক   উচিত শিক্ষা দিবলৈ ৰাইজক আহ্বান জনায় | প্ৰতিবাদী মিছিল খনত জিলা যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰুল ইছলাম খান সহ ভালে সংখ্যক দলীয় কৰ্মীয়ে অংশ গ্ৰহন কৰে |

No comments