Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপসী বিমান বন্দৰৰ কাম সম্পূৰ্ণ বিমান চলালচলৰ বাবে একপ্ৰকাৰ সাজু

  ধুবুৰী, ১৭ জানুৱাৰী ঃ কেন্দ্ৰীয় চৰকাৰৰ উৰান-২ আঁচনিৰ অধীনত বহু প্ৰত্যাখিত ঐতিহাসিক ৰূপসী বিমান বন্দৰ এতিয়া বিমান চলাচলৰ বাবে একপ্ৰকাৰ সাজু...


 ধুবুৰী, ১৭ জানুৱাৰী ঃ কেন্দ্ৰীয় চৰকাৰৰ উৰান-২ আঁচনিৰ অধীনত বহু প্ৰত্যাখিত ঐতিহাসিক ৰূপসী বিমান বন্দৰ এতিয়া বিমান চলাচলৰ বাবে একপ্ৰকাৰ সাজু হৈ উঠিছে । উল্লেখ্য যে, দেওবাৰৰ দিনা পশ্চিম অসমৰ ইতিহাস গৰকা ৰূপসী বিমান বন্দৰত  ভাৰতীয় বিমানবন্দৰ প্ৰাধীকৰণৰ এখন বিমান অৱতৰণ কৰা বুলি জানিব পৰা গৈছে । জানিব পৰানুসৰি, বিমান বন্দৰ প্ৰাধীকৰণৰ এটি দলে সিদিনা বিভাগীয় বিমানযোগে ৰূপসীত উপস্থিত হৈছিল । ৰূপসী বিমানবন্দৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া মেহবুব ইছলাম আহমেদে আজি সদৰি কৰানুসৰি বিমান চলাচলৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে বিমানবন্দৰটো । দৈনিক দুখনকৈ যাত্ৰীবাহী বিমান উঠা নমা কৰাৰ সুবিধা থকা ৰূপসী বিমান বন্দৰটোৰে এ টি আৰ চেভেন্টী ট্যু যাত্ৰীবাহী বিমান চলাচল কৰিব ।  বিমান বন্দৰটোৰ পাৰ্কিংত ১০০খনকৈ বাহন ৰখাৰ সুবিধা থকাৰ লগতে ইয়াৰে ২৫০ গৰাকীকৈ ব্যক্তি ওলোৱা আৰু সোমোৱাব পৰা সুব্যৱস্থাকে ধৰি যাত্ৰীৰ বয়–বস্তু কঢ়িওৱাৰ বাবে ‘‘কনভ’য়েৰ বেল্ট’’ৰো ব্যৱস্থা থকা বুলি প্ৰকাশ কৰে । উল্লেখ্য যে, এই বিমান বন্দৰটো পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে "উৰান-২" নামৰ এক আঁচনীৰ অধীনত প্ৰথম পৰ্যায়ত ৰাণৱে আৰু চৌহদৰ পকীবেৰ নিৰ্মাণৰ বাবে মোকলাই দিছিল ৪০ কোটি টকা ৷ ২০১৮ চনৰ ২৩ মে'ৰ দিনা ভাৰতীয় বিমানবন্দৰ প্ৰাধীকৰণৰ ডি.জি.এম.বি. পাণ্ডে আৰু অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত বিমান বন্দৰটোৰ পুনৰ্নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভ ঘটিছিল ৷  আনহাতে ২০১৯ চনৰ  ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৰূপচী বিমান বন্দৰটোৰ এয়াৰ টাৰ্মিনেল, এ.টি.চি. টাৱাৰ, নিৰাপত্তা ৰক্ষীৰ গৃহ আদিকে ধৰি দ্বিতীয় পৰ্যায়ৰ কাম ৷ তাৰবাবে কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ত মোকলাই দিছিল ৬৯ কোটি টকা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বয়ং ৰূপচীত উপস্থিত হৈ সেই কামৰ শুভাৰম্ভ কৰিছিল ৷ সেই উপলক্ষে ৰূপচী বিমান বন্দৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ভিডিও কনফাৰেঞ্চ যোগে নতুন দিল্লীৰ পৰাই অংশ লৈছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী সুৰেশ প্ৰভূয়ে ৷ উল্লেখ্য যে, ৰূপসীত ব্ৰিটিছে দ্বিতীয় মহাসমৰৰ সময়ত নিৰ্মাণ কৰা এই বিমান বন্দৰটো আছিল মূলতঃ সামৰিক বিমান বন্দৰ ৷ প্ৰায় ২৫০০ বিঘা মাটিত মূলতঃ সেনা অনা-নিয়া আৰু সমৰাস্ত্ৰ পৰিবহন কৰাৰ সুবিধাৰ্থে নিৰ্মাণ কৰা ৰূপসী বিমান বন্দৰৰ ৰানৱেৰ দৈৰ্ঘ আছিল ৬০০০ ফুট । মুঠ ৫২ টাকৈ জেট বিমান ৰখাৰ "হেংগাৰ"ৰ উপৰিও  টাৰ্মিনাল বিল্ডিংৰ লগতে গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থাও আছিল বিমান বন্দৰটোত । স্বাধীনতাৰ পিছত অসমৰ পুৰণি গোৱালপাৰা জিলাত পৰিছিল ৰূপসী, পিছত গোৱালপাৰা জিলাৰ পৰা ধুবুৰী জিলা আৰু বৰ্তমানে বিটিএডিৰ অন্তৰ্ভূক্ত এই বিমানবন্দৰ সহ সংলগ্ন অঞ্চল । অৱশ্যে স্বাধীনতাৰ পিছত সামৰিক নহয়, অসামৰিক বিমান বন্দৰ ৰূপেহে ব্যৱহৃত হ'বলৈ লৈছিল ৰূপসী বিমান বন্দৰ । ষাঠিৰ দশকত ইয়াৰ পৰা পশ্চিমবঙ্গৰ কোচবিহাৰ আৰু শিলিগুৰি হৈ ক'লকাতাগামী নিয়মিতৰূপে ডাকোটা বিমান অহা যোৱা কৰিছিল । আনকি ১৯৮০ চনত ৰূপসী বিমান বন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰগামী বিমান সেৱাও আৰম্ভ কৰিছিল বায়ুদূতে কিন্তু তাৰ পিছৰ বছৰৰ পৰাই বন্ধ হৈ গৈছিল সেই সেৱা । ১৯৮২ চনত অন্তিম বাৰৰ বাবে বায়ুদূতৰ এখন বিমান ইয়াৰ পৰা যাত্ৰা কৰাৰ পিছত প্ৰায় ৩৯ বছৰ বিৰতিৰ পিছত যোৱা দেওবাৰৰ দিনা ভাৰতীয় বিমান প্ৰাধীকৰণৰ সেই বিশেষ বিমানখন অৱতৰণ কৰে । ফলত স্বাভাৱিক ভাৱেই ৰূপসীত পুনৰ বিমান অৱতৰণ কৰা বাতৰিয়ে দীৰ্ঘ বহু বছৰৰ পৰা বিমানবন্দৰটো কাৰ্যক্ষম হ’ব বুলি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা ধুবুৰী আৰু কোকৰাঝাৰ জিলাকে ধৰি বৃহত্তৰ পশ্চিম অসমৰ ৰাইজ এতিয়া উৎফুল্লিত হৈ উঠিছে । সকলোৱে আশা কৰিছে চলিত জানুৱাৰী মাহৰ অন্তিম অথা অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত স্বগৰিমাৰে দেশৰ বিমান সেৱাৰ মানচিত্ৰত পুনৰ স্বগৰিমাৰে উজলি উঠিব ৰূপসী বিমান বন্দৰ ।

No comments