Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুপথাৰত জ্যেষ্ঠ নাগৰিক সমাজৰ প্ৰতিষ্ঠা দিৱস পালন

  গণ বাৰ্তা, সৰুপথাৰ, ৬ জানুৱাৰী :  ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সাধাৰণ সভা ৫ জানুৱাৰীত সৰুপথাৰ পদুমনিস...


 গণ বাৰ্তা, সৰুপথাৰ, ৬ জানুৱাৰী :  ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সাধাৰণ সভা ৫ জানুৱাৰীত সৰুপথাৰ পদুমনিস্থিত নিজা কাৰ্যালয় ভৱনত অনুষ্ঠিত হয়।তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি সমৰেন্দ্ৰ সিংহই ।স্মৃতি তৰ্পণ কৰে ভবানন্দ পাটোৱাৰীয়ে।ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি সমৰেন্দ্ৰ সিংহই। সৰুপথাৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ, জ্যেষ্ঠ নাগৰিক নাৰায়ণ চন্দ্ৰ তালুকদাৰে উদ্বোধন কৰা সভাত বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰফুল্ল শৰ্মাই নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই।ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ সাধাৰণ সম্পাদক ৰজনী চুতীয়াই আঁত ধৰা সভাত গোলাঘাট জিলা নাগৰিক সন্মিলনৰ সভাপতি সিদ্ধেশ্বৰ শইকীয়া,ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ প্ৰতিষ্ঠাপক সভাপতি পুষ্পধৰ শর্মা সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াই।সভাত পুনিৰাম বৰা আৰু মিনেশ্বৰী গগৈক সম্বৰ্ধনা জনোৱা হয়। বিয়লি অনুষ্ঠিত বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে পুনৰ সমৰেন্দ্ৰ সিংহক সভাপতি আৰু ৰজনী চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ধনশিৰি মহকুমা জ্যেষ্ঠ নাগৰিক সমাজৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয়।সভাত ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

No comments