গণবাৰ্তা, আজাৰা, ১ জানুৱাৰী : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিট...
গণবাৰ্তা, আজাৰা, ১ জানুৱাৰী : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰৰ নেতৃত্বত নেভেল ইউনিটৰ ২৫ জনীয়া কেডেটৰ দলটোৱে আবাসী সকলৰ মাজত শীত নিবাৰণৰ বাবে কাপোৰ , কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ।
এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ব্ৰিগেডিয়াৰ জে চি তালুকদাৰে কেডেট সকলে যাতে সমাজ সেৱাৰ জৰিয়তে নিঃস্ব জনলৈও প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে এন চি চি ৰ ফালৰ পৰা সময়ে সময়ে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।
No comments