গণ বাৰ্তা জামুগুৰিহাটঃ২১ জানুৱাৰীঃ নাট্যকাৰ,পৰিচালক তথা সুদক্ষ অভিনেতা হিচাপে সৰ্বভাৰতীয় পৰ্য্যায়ত খ্যাতি অৰ্জন কৰি সম্প্ৰতি নাট্য আৰু চলচ...
গণ বাৰ্তা জামুগুৰিহাটঃ২১ জানুৱাৰীঃ নাট্যকাৰ,পৰিচালক তথা সুদক্ষ অভিনেতা হিচাপে সৰ্বভাৰতীয় পৰ্য্যায়ত খ্যাতি অৰ্জন কৰি সম্প্ৰতি নাট্য আৰু চলচিত্ৰৰ ধ্ৰুৱতৰা স্বৰূপ বিশিষ্ট অভিনেতা তথা এগৰাকী নিভাঁজ শিল্পী জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰবীন শিল্পী ভোলা কটকীৰ ৮৮ সংখ্যক ওপজা দিনটো কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে শিল্পীগৰাকীৰ আপোন গাঁৱত উদযাপন কৰে৷সংগীয়া মাজৰ চুক যুৱক সংঘৰ উদ্যোগত গাঁওখনৰ ৰাইজ আৰু মহিলাসকলৰ সহযোগত উদযাপন কৰা প্ৰবীন শিল্পীগৰাকীৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ওপজা দিন উদযাপন অনুষ্ঠানটিত শিল্পীগৰাকীক অভিনন্দন জনোৱা আৰু অন্তৰংগ আলাপৰ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানো অনুষ্ঠিত হয়৷জামুগুৰিহাটৰ সু-সাহিত্যিক তথা কৃতি শিক্ষক মহেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত শিল্পীগৰাকীক কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে গামোছা,চেলেং,শৰাই,মানপত্ৰৰে অভিনন্দন জনোৱাৰ লগতে শিল্পীগৰাকীৰ ভ্ৰাম্যমাণ নাট্যজগতৰ সহযোগী শিল্পী ধৰ্মেশ্বৰ বৰুৱা,শিল্পী পূৰ্ণ নাথ,সমাজকৰ্মী তথা কৃতি শিক্ষক অতুল হাজৰিকা,কৃতি শিক্ষক শৰৎ ভূঞা আদিয়ে অন্তৰংগ আলাপ অনুষ্ঠানটিত প্ৰবীন শিল্পী ভোলা কটকীৰ লগত কটোৱা সময় ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে৷অনুষ্ঠানটিৰ মাজতেই কণমানি লিঞ্জা ভূঁঞাৰ কবিতা আবৃত্তি আৰু কামিনী কটকী বৰাৰ গীতেৰে অধিক জীপাল কৰি তোলে অনুষ্ঠানটি৷গীত-মাত-কবিতা-কণ কণ শিশুৰ নাটকৰ সংলাপে জীপাল হৈ উঠা প্ৰবীন শিল্পীগৰাকীৰ ওপজা দিন উদযাপনৰ দিনটোত ৮৫ গৰকী শিশুৰ অভিনয়ৰে মঞ্চস্থ কৰা শিশু নাট “অৰণ্যৰ পটভূমি” নাটখনৰ উদ্বোধক হিচাপে উপস্থিত থাকে নাট্যকাৰ,পৰিচালক তথা নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা৷উদ্বোধক ডেকাই এনে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কণ কণ শিশুৰপৰা চাৰিকুৰিৰো অধিক বয়সৰ লোকসকলৰ মাজত উপস্থিত থাকি এইদৰে প্ৰবীন শিল্পীগৰাকীৰ জন্মদিনটোত উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি শিল্পী ভোলা কটকী সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই৷বিয়লি ভোলা কটকীৰ কনিষ্ঠ পুত্ৰ স্বৰাজ কটকীৰ পৰিচালনাত আৰু লিখক নাথৰ সহ: পৰিচালনাত নাট্যকাৰ অৰুণজ্যোতি বৰাৰ শিশু নাট "অৰণ্যৰ পটভূমি” মঞ্চস্থ কৰাৰ পিছত নিশালৈও জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক “ৰূপালীম” নাটভাগ মঞ্চস্থ কৰা হয়৷সংগীয়া মাজৰ চুক গাঁৱৰ নামঘৰ প্ৰাংগনত উদযাপন কৰা আৰু গাঁওখনৰ যুৱক তথা কবি ও শিক্ষক সত্য বৰাই আঁত ধৰা ওপজা দিন উদযাপন অনুষ্ঠানটিত এনেদৰে গাঁওবাসী তথা ৰাইজ-অনুষ্ঠান প্ৰতিষ্ঠানৰ মৰম আৰু আশীষ লাভ কৰি আনন্দিত হৈ পৰে প্ৰবীন নাট্যশিল্পী গৰাকী৷
No comments