Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা লক্ষ্যৰে 'ৰাইজৰ দল'ৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয়টো দিন

  প্ৰণৱ ডেকাবৰুৱা,  মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ , ৮ জানুৱাৰীঃ ৰাষ্ট্ৰীয়তাবাদ ওফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিগত ব...


 প্ৰণৱ ডেকাবৰুৱা, মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ , ৮ জানুৱাৰীঃ ৰাষ্ট্ৰীয়তাবাদ ওফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিগত বৰ্ষৰ শেষৰ ফালে জন্ম লাভ কৰা ৰাইজৰ দলে এখোজ আগবাঢ়ি মৰাণত প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ অনুষ্ঠিত কৰিলে । ৰাইজৰ বহুৰ আশাৰ প্ৰত্যক্ষাক সাক্ষী কৰি আজি অভিৱৰ্তনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সূচাৰুৰূপে পৰিচালিত হৈছে ।  ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই অভিৱৰ্তন দ্বিতীয় দিনাও ৰাজ্য বিভিন্ন জিলাৰ পৰা ৰাইজে আহি অভিৱৰ্তনৰ অংশ গ্ৰহণ কৰিছে । কৃষক নেতাৰ অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলত অংশ গ্ৰহণ কৰিব বুলি অসমৰ ৰাইজৰ লগতে ৰাইজৰ দলৰ কৰ্মী সকলে  আশা কৰিছিল যদিও  সেই আশাই বাস্তৱ ৰূপ নাপালে । জাতীয় স্বাৰ্থ, এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰা লক্ষ্য আগত ৰাখি অভিৱৰ্তনৰ দ্বিতীয় দিনা সামুহিক চাফাই অভিযানে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পাছতে অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰিব বাবে অনুষ্ঠিত হয় সভা । সভাত বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঘনশ্যাম নাথ, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° হিতানাথ লহকৰ,  সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা, মানস ৰবীনৰ পৰা আৰম্ভ কৰি বহুৰ কেইটা জাতিয় সংগঠনৰ নেতা, শিক্ষাবিদ, বুদ্ধিজীৱিয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাইজৰ দল ভবিষ্যত কৰ্ম পন্থাৰ সমন্ধ পৰামৰ্শ আগবঢ়ায় । আনহাতে আজিৰ সভাতে ৰাইজৰ দলৰ থিম চঙ মুক্তি দিয়াৰ লগতে 'অসম আৰু অসমীয়াৰ ৰাজনীতি' নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে । উল্লেখ্য যে উক্ত সভাতে বিশ্বাসঘাতক, সাম্প্ৰদায়িক, জাতিৰ অস্তিত্ব বুজি নোপোৱা, জাতিৰ ভৱিষ্যত কথা চিন্তা নকৰা চৰকাৰক উফৰাই এক সুস্থ আঞ্চলিকতাবাদী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে সংকল্প লয় । সন্ধিয়ালৈ ৰাইজৰ দলৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে । এই সভাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি খন চূড়ান্ত হব বুলি জানিব পৰা গৈছে ।

No comments