Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জেহিৰুল ইছলামৰ ডক্টৰেট ডিগ্ৰী লাভ

  ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৫ জানুৱাৰী: জেহিৰুল ইছলামক গুজৰাট জাতীয় আইন বিশ্ববিদ্যালয়ৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী (উপাধি)ৰে সন্মানিত কৰা হয়। তে...


 ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৫ জানুৱাৰী: জেহিৰুল ইছলামক গুজৰাট জাতীয় আইন বিশ্ববিদ্যালয়ৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী (উপাধি)ৰে সন্মানিত কৰা হয়। তেওঁৰ বিশ্লেষণাত্মক গবেষণা "ভাৰতীয় আইনী খচৰা চুক্তিৰ অধীনত ই-বানিজ্য ক্ষেত্ৰ উপভোক্তা আইন-১৯৮৬ (বৰ্তমানে গ্ৰাহক সুৰক্ষা আইন- ২০১৯ আৰু তথ্য প্ৰযুক্তি আইন-২০০০) গবেষণামূলক বিষয় উপস্থাপনৰ বাবে ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰা হয়। ইছলাম গুজৰাট জাতীয় আইন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ৰবীন্দ্ৰ কুমাৰ সিঙৰ তত্বাৱধানত গবেষণা সম্পূৰ্ণ কৰিছিল। জেহিৰুল ইছলাম মৰিগাঁও জিলাৰ অন্তৰ্গত লোছনাবৰি গা‍ঁও নিবাসী সুৰুজ আলী আৰু জামিনা খাতুনৰ কনিষ্ঠ পুত্ৰ আৰু শ্ৰেষ্ঠত্ব কেন্দ্ৰ গুজৰাট বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা আফৰুজ আৰা আহমেদৰ স্বামী।

No comments