Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জালাহ অধিবিদ্যা পৰিষদৰ অৱসৰী শিক্ষকক সম্বৰ্দ্ধনা

  গণ বাৰ্তা,জালাহ, ২১ জানুৱাৰী:  বাক্সা জিলাৰ জালাহ অধিবিদ্যা পৰিষদৰ জালাহ গোট - ০৩ য়ে কালি (২০/০১/২১) ভলুকামূৰীত থকা গান্ধী হাইস্কুলত ২০১৭...


 গণ বাৰ্তা,জালাহ, ২১ জানুৱাৰী: বাক্সা জিলাৰ জালাহ অধিবিদ্যা পৰিষদৰ জালাহ গোট - ০৩ য়ে কালি (২০/০১/২১) ভলুকামূৰীত থকা গান্ধী হাইস্কুলত ২০১৭  চনৰ পৰা ২০২০ চনলৈ ইয়াৰ অন্তৰ্গত হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পৰা প্ৰধান শিক্ষক , অধ্যক্ষ আৰু সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা এগৰাকী অধ্যক্ষ, ৫ গৰাকী প্ৰধান শিক্ষক আৰু ৩৫ গৰাকী সহকাৰী শিক্ষক বিদায় সম্বৰ্ধনা জনোৱাৰ বাবে এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। জালাহ অধিবিদ্যা পৰিষদৰ সভাপতি তথা লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক অশ্বিনী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গোট সম্পাদক সুৰেন্দ্ৰনাথ বড়োৱে উদ্দেশ্য ব্যাখ্যাৰ লগতে অনুষ্ঠানৰ আঁত ধৰে। সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ককলাবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক বিনোদ কুমাৰ ব্ৰহ্মৱে। সভাত মানিকপুৰ হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা সতীশ মোহন ঠাকুৰীয়া, ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা মানিক বড়ো ,আৰকৰা হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ভৱানন্দ বসুমতাৰী, গান্ধী হাইস্কুলৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰা লক্ষেশ্বৰ তালুকদাৰ আৰু নৰ্থ কামৰূপ বেতবাৰী হাইস্কুলৰ পৰা সহকাৰী প্ৰধান শিক্ষক ৰূপে বিগত কালছোৱাত অৱসৰপ্ৰাপ্ত মতিন্দ্ৰনাথ দৈমাৰী প্ৰমুখ্যে অৱসৰী শিক্ষক সকলে ভাষণ আগবঢ়াই শিক্ষক সকলক কৰ্তব্যনিষ্ঠ হ'বলৈ আৰু ছাত্ৰ ছাত্ৰী সকলক শিক্ষা বিষয়ক আৰু জীৱনৰ সঠিক লক্ষ্য নিৰ্ণায়ক  পথ প্ৰদৰ্শনৰ ভাৱে সময়ে সময়ে ছেমিনাৰ আদি অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। লগতে নিজৰ কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে। শিক্ষক তুলাৰাম দাসকে ধৰি কেবাগৰাকী অৱসৰী সহকাৰী শিক্ষকেও ভাষণ আগবঢ়ায়। সম্বৰ্ধনাৰ চিন স্বৰূপে অৱসৰী শিক্ষক সকলক আৰণাই, ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰা হয়।

No comments