গণবাৰ্তা,হাউলী,১২ জানুৱাৰীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ,বৰপেটা ভৱানীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আৰু হাউলী আৰক্ষী থানাৰ উদ্যোগত ম...
গণবাৰ্তা,হাউলী,১২ জানুৱাৰীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ,বৰপেটা ভৱানীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আৰু হাউলী আৰক্ষী থানাৰ উদ্যোগত মঙ্গলবাৰে দিনৰ ১১ বজাত হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ পৌৰোহিত্যত বাল্য বিবাহৰ বিৰুদ্ধে এখন সজাগতা সভা থানা চৌহদত অনুষ্ঠিত হয় | সভাত বৰপেটা মহকুমা স্বাস্থ্য বিষয়া পুলিন শৰ্মা, হাউলী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভূপেশ চৌধুৰী, জিলা শিশু সুৰক্ষা বিষয়া অসীম দাসে উপস্থিত থাকি বাল্য বিবাহৰ প্ৰতিৰোধ আইনৰ ওপৰত বহলাই বক্তব্য দিয়াৰ লগতে ১৮ ৰ পৰা ২১ বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে যাতে সমাজত বিবাহ পাশত আৱদ্ধ নোৱাৰে তাৰ বাবে উপস্থিত ৰাইজ,গাওঁবুঢ়া,আশা কৰ্মী, কাজী আৰু ঈমাম সকলক আহ্বান জনায় | সভাৰ শেষত সভাপতি তথা হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে কয় যে, এতিয়াওঁ হাউলী থানা এলেকাৰ ভিতৰুৱা সংখ্যালঘূ অধ্যূষিত অঞ্চলত বাল্য বিবাহ সম্পন্ন হৈ আছে বুলি উল্লেখ কৰে | এই কাৰ্যক সমুলি বন্ধ কৰিবলৈ হ'লে ৰাইজ সচেতন হ'ব লাগিব | আৰু এনেকুৱা বাল্য বিবাহৰ কোনো সম্ভেদ পালে ততালিকে হাউলী থানাত খবৰ দিবলৈ ৰাইজক আহ্বান জনায় |
No comments