Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

একৈচ শতিকাৰ দ্বিতীয় দশকত যোৰহাটৰ জাতীয় বিদ্যালয়ৰ ক্ৰমাগত আধাৰশিলা অনুষ্ঠান সম্পন্ন

  ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৬ জানুৱাৰী: যোৰহাট  জাতীয় বিদ্যালয়ৰ ডেম্বি কুসুম বড়ি প্ৰকল্প গড়মূৰ শাখাত  বিদ্যালয় চৌহদৰ দেৱালয়ৰ আধাৰশিলা অনুষ্ঠ...


 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৬ জানুৱাৰী: যোৰহাট  জাতীয় বিদ্যালয়ৰ ডেম্বি কুসুম বড়ি প্ৰকল্প গড়মূৰ শাখাত  বিদ্যালয় চৌহদৰ দেৱালয়ৰ আধাৰশিলা অনুষ্ঠানৰ লগতে ছাত্ৰ - ছাত্ৰীৰ বাৰে - ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলি দত্তই আঁত ধৰা সভাত সভাপতি পুলিন ফুকনে আধাৰশিলা স্থাপন কৰে। বিদ্যালয়ৰ অধ্যক্ষা সান্তনা শৰ্মা ,যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শৈক্ষিক উপদেষ্টা ড0 দেৱব্ৰত শৰ্মা ,তিনিওটা প্ৰধান  শিক্ষয়িত্ৰীত্ৰয় পৰিচালনা সমিতি আৰু অভিভাৱক প্ৰতিনিধি , তিনিওটা শাখাৰ শিক্ষয়িত্ৰী ,কৰ্মচাৰী ,ছাত্ৰ- ছাত্ৰী আৰু শতাধিক অভিভাৱকসকলৰ উপস্থিতিত বহু অভিভাৱকে বিদ্যালয়লৈ দান - বৰঙনি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আৰু স্থায়ী পকী দেৱালয়ৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ কথাত প্ৰকাশ কৰে । বিদ্যালয়ৰ অধ্যক্ষা সান্তনা শৰ্মাই তেওঁৰ ভাষণ প্ৰসংগত অভিভাৱক তথা ছাত্ৰ  - ছাত্ৰীক উদ্দেশ্যই কয় যে অভাৱে ইচ্ছাৰ বাটত কেতিয়াও হেঙাৰ হিচাপে থিয় নিদিয়ে । যদি ইচ্ছা থাকে হাজাৰ বাধাও হেলাৰঙে অতিক্ৰম কৰি আগুৱাই যাব পাৰি । যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা ড0 দেৱব্ৰত  শৰ্মাই ভাষণ প্ৰসংগত অভিভাৱকসকলক  উদ্দেশ্যই কয় যে ছাত্ৰ -ছাত্ৰী সকলৰ বিদ্যায়তনিক দিশৰ উন্নতিৰ ক্ষেত্ৰত ভাল ফলাফল পাবলৈ আৰম্ভণিৰে পৰাই প্ৰচেষ্টা হাতত লোৱা উচিত । বিদ্যালয় শিক্ষয়িত্ৰী দীপ্তি ভাগৱতীয়ে আঁত ধৰা  সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ- ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক -অভিভাবিকা সকলোৱে অংশগ্ৰহণ কৰে । আৰু বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰে । শেষত জাতীয় সংগীত পৰিৱেশন কৰা হয় ।

No comments