Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডবকা আৰক্ষীক আক্ৰমনৰ ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ

  হোজাই, ডবকা , ২২ জানুৱাৰীঃ  হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নিজ ডবকা খেৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীক আক্ৰমনৰ ঘটনাৰ লগত জড়িত ...

 


হোজাই, ডবকা , ২২ জানুৱাৰীঃ  হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নিজ ডবকা খেৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীক আক্ৰমনৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে ৰাতি আব্দুল্লাহ আহমেদক আৰু আজি  আব্দুৰ ৰহমান নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হৈছে  ৷ উল্লেখ্য যে আগন্তুক গনতন্ত্ৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডবকা আৰক্ষীয়ে ডবকা সংযোগী বিভিন্ন পথত নিয়মীয়া তালাচি চলোৱাৰ ব্যৱস্থা কৰিছিল ৷ সেই অনুসৰি কালি নিশা ডবকা-যমুনামুখ সংযোগী পথৰ নিজডবকা শেৱাঘাটতো ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে তালাচি চলায় আছিল ৷ সেই সময়ত ডবকাৰ পৰা যোৱা এখন মিনি ট্ৰাকৰ চালকৰ অনুজ্ঞা পত্ৰ নথকাত গাড়ী খন থানালৈ লৈ আনিব বিচাৰিছিল আৰক্ষীৰ দলটোৱে ৷ উক্ত সময়ত গাড়ী খনৰ গৰাকী আৰু একাংশ স্থানীয় লোকে প্ৰথমে আৰক্ষীৰ দলটোৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পাছত সমগ্ৰ পৰিবেশ উত্তেজনা ময় কৰি তোলে ৷ ইমানতে ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীৰ দলটোক  আক্ৰমন কৰিবলৈ আগবাঢ়ি আহে ৷ এক ভয়াবহ পৰিস্থিতিৰ মাজতেই ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈয়ে শূন্যলৈ সাত জাইকৈ গুলি চালনা কৰি নিজৰ প্ৰাণ ৰক্ষা কৰি উক্ত স্থানৰ পৰা উলাই আহে ৷ ৰাইজৰ শিলাবৰ্ষণত আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈ গুৰুতৰ ভাবে আহত হয় ৷ কালিয়েই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত আব্দুলা আহেমেদক গ্ৰেপ্তাৰ কৰিছিল ৷ কালি হৈ যোৱা ঘটনাক লৈ ডবকা আৰক্ষীয়ে 38/2021 নম্বৰৰ ভাঃদঃবিঃ 120(B)/341/342/353/333/307/427 এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰাখিছে ৷  আনহাতে আৰক্ষীক আক্ৰমন কৰা ঘটনাক লৈ গৰিহনা দিছে হোজাই জিলা আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ডবকাৰ  আন আন দল সংগঠনে ৷ অতিশীঘ্ৰে উচ্ছ পৰ্য্যায়ৰ তদন্তৰো দাবী জনাই দল সংগঠনে ৷

No comments