গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৭ জানুৱাৰীঃ বিভিন্ন বিতৰ্কিত কৰ্ম কাণ্ডৰে সততে চৰ্চা লাভ কৰা মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বহু বিতৰ্কিত বিধায়ক ভাস...
গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৭ জানুৱাৰীঃ বিভিন্ন বিতৰ্কিত কৰ্ম কাণ্ডৰে সততে চৰ্চা লাভ কৰা মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাক ২০২১ ৰ নিৰ্বাচনত বিদায় দিবলৈ সাজু হৈছে মাৰ্ঘেৰিটাৰ তৰুন প্ৰজন্ম৷ ২০১৬ চনৰ নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি শেষতীয়াকৈ ভাস্কৰ শৰ্মাই নিজকে গোৰ্খা জাতিৰ মানুহ আৰু আগন্তুক নিৰ্বাচনত জয়ী হলে অসমৰ চূকে কোনে গোৰ্খা সমাজ প্ৰতিষ্ঠা কৰিব বুলি উগ্ৰ সাম্ৰদায়িক দিয়াৰ পিছতে এতিয়া তোলপাৰ লাগিছে মাৰ্ঘেৰিটা৷ বিধায়কৰ এনে মন্তব্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, জনতাৰ প্ৰতিবাদৰে মাৰ্ঘেৰিটাৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ উমানন্দ মুদৈ মৰানে বিধায়ক ভাস্কৰ শৰ্মাক জনালে প্ৰত্যাহ্বান৷ এক ভিডিঅ বাৰ্তা যোগে উমানন্দ মৰানে আগন্তুক বিধান সভা নিৰ্বাচনত পৰাজয় বৰন কৰিবৰ বাবে সাজু হবলৈ আহ্বান জনালে বিধায়ক ভাস্কৰ শৰ্মাক৷ বিবৃতিটোত তেও কয় যে, মাৰ্ঘেৰিটা সমষ্টিত প্ৰথমবাৰৰ বাবে অপ সংস্কৃতিক আদৰিলে বিধায়ক ভাস্কৰ শৰ্মাই৷ যি অসমীয়া সংস্কৃতিৰ পৰিপন্থী৷ বিগত চাৰে চাৰি বছৰে বিধায়ক ভাস্কৰ শৰ্মাই এনেবোৰ কৰ্ম কাণ্ডৰ জৰিয়তে নিজৰ জনপ্ৰিয়তা ৰচিলে৷ বিধায়কৰ আমদানিকৃত অপ সংস্কৃতিৰ বাবে আজি মাৰ্ঘেৰিটাবাসী ৰাইজ তথা বৃহত্তৰ অসমীয়া সমাজ লজ্জিত৷ তাৰোপৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি এতিয়া ভাস্কৰ শৰ্মাই নিজকে বিশেষ এটা সম্প্ৰদায়ৰ বুলি নিজকে প্ৰতিপন্ন কৰিব খোজাতো অতি দুৰ্ভাগ্যজনক৷ ২০১৬ৰ নিৰ্বাচনত ৰাইজে ভাস্কৰ শৰ্মাক এজন অসমীয়া বুলিহে ভোট দিছিল, কোনেও তেওক বহিৰাগত দৃষ্টিৰে চোৱা নাছিল৷ যোৱা ৭ জানুৱাৰীত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ অধিবেশনত উগ্ৰ সাম্প্ৰদায়িক ভাষন দি ভাস্কৰ শৰ্মাই নিজৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দেখোৱালে৷ বিধায়ক ভাস্কৰ শৰ্মাক অপদাৰ্থ আখ্যা দি উমানন্দ মুদৈ মৰানে ভাস্কৰ শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে গতিকে মাৰ্ঘেৰিটাবাসী ৰাইজক এনে জনপ্ৰতিনিধিৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰি ২০২১ ৰ নিৰ্বাচনত তেওক বিদায় দিবৰ বাবে সমষ্টিটোৰ যুৱ চামে ইতিমধ্যে ককালত টঙালি বান্ধি সাজু হৈছে বুলি মতপোষন কৰে উমানন্দ মুদৈ মৰানে৷ মন কৰিবলগীয়া যে, গোৰ্খা ছাত্ৰ সন্থাৰ অধিবেশনত মাৰ্ঘেৰিটাৰ ঐক্য সম্প্ৰীতিত আঘাত সানি বিধায়ক ভাস্কৰ শৰ্মাই বিভেদকামী মন্তব্য কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰীয়া সৃষ্টি হোৱাৰ লগতে দল সংগঠন ৰাইজে বিধায়কক ক্ষমা খোজিবলৈ দাবী জনাই অহাৰ পিছতো কিন্তু আজিপৰ্যন্ত গা লৰা নাই বিধায়ক ভাস্কৰ শৰ্মাৰ৷
No comments