সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ জানুৱাৰীঃ "মহোৎসৱে এটা অঞ্চলৰ কৃষ্টি, সংস্কৃতিক প্ৰতিফলিত কৰে। ভৱানীপুৰতো পহুমাৰা মহোৎসৱে ভৱানীপুৰৰ কৃষ্টি, স...
সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ জানুৱাৰীঃ "মহোৎসৱে এটা অঞ্চলৰ কৃষ্টি, সংস্কৃতিক প্ৰতিফলিত কৰে। ভৱানীপুৰতো পহুমাৰা মহোৎসৱে ভৱানীপুৰৰ কৃষ্টি, সংস্কৃতিক প্ৰতিফলিত কৰিবলৈ গৈ আছে। অকল ভৱানীপুৰ বুলিয়েই নহয় সমগ্ৰ অসমৰে বাৰে-ৰহণীয়া কৃষ্টি, সংস্কৃতিক প্ৰতিফলিত কৰিবলৈ গৈ আছে। সেয়ে, সকলো জাতি-জনগোষ্ঠীৰ লোকক এই মহোৎসৱভাগিত সহযোগিতা তথা অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনালোঁ।" -আজি ভৱানীপুৰত এইদৰে কয় কবি, সাহিত্যক তথা ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীয়ে। বৃহত্তৰ ভৱানীপুৰীয়া ৰাইজৰ উদ্যোগত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে কবি, সাহিত্যিক তথা ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীয়ে। তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ আয়োজক সমিতিৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই আঁত ধৰা আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিৎ চৌধুৰী, ভৱানীপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সুনীল তালুকদাৰ, ভৱানীপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বাবুল ডেকা, ভৱানীপুৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তাৰিফ হুছেইন, মহোৎসৱভাগিৰ আয়োজক সমিতিৰ বহুকেইজন বিষয়ববীয়াকে ধৰি অৰ্দ্ধশতাধিক ৰাইজ। অনুষ্ঠানটোৰ শেষৰপিনে শলাগৰ শৰাই আগবঢ়ায় তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আয়োজক সমিতিৰ সভাপতি পুলকানন্দ তালুকদাৰে। উল্লেখ্য যে, আগন্তুক ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ভৱানীপুৰত সাদিনীয়া বাৰে-ৰহণীয়া অনুষ্ঠানেৰে অনুষ্ঠিত হ'ব তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ।
No comments