Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বােকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা-২০২১ৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ভার্চুৱেলী অংশ গ্রহণ

  গণ বাৰ্তা ,বোকাখাত, ২১ জানুবাৰী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি গােলাঘাট জিলাৰ বােকাখাত ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-উদ্যা...


 গণ বাৰ্তা ,বোকাখাত, ২১ জানুবাৰী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি গােলাঘাট জিলাৰ বােকাখাত ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা-২০২১ ৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষৰ পৰা ভার্চুৱেলী অংশ গ্রহণ কৰে। কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয় আৰু ভাৰতীয় বাণিজ্য আৰু ঔদ্যোগিক মহাসংঘৰ সহযােগত আয়ােজিত ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাত অংশ গ্রহণ কবি মুখ্যমন্ত্রীয়ে কয় যে এই মেলাই আমাৰ নৱ প্ৰজন্মৰ খেতিয়কসকলক আধুনিক কৃষি পদ্ধতিৰ সৈতে পৰিচয় কৰাৰ সুযােগ প্রদান কৰিব আৰু ইয়ে তেওঁলােকক উৎসাহিত কৰিব। আমাৰ নতুন প্রজন্মৰ কৃষকসকলে এই মেলাৰ জৰিয়তে উন্নত পদ্ধতিৰে কৃষি কার্যত নিয়ােজিত হােৱা, বজাৰ ব্যৱস্থাৰ সৈতে সংযােগ স্থাপন আৰু প্রযুক্তিগত দিশত মূল্য সংযােজিত কৰাৰ বাবে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'ব। ৰাজ্যখনৰ ৫৮ লাখ কৃষকক আগুবাই নিয়াৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গ্রাম্য অর্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০২২ চনত কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে যি লক্ষ্য নির্দ্ধাৰণ কৰিছে সেই লক্ষ্যত উপনীত হােৱাৰ বাবে আমাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰি উপার্জন বৃদ্ধি কৰিব লাগিব।  মুখ্যমন্ত্ৰীয়ে কয় যে উৎপাদিত সামগ্ৰীৰ মূল্য সংযােজিত কৰি উন্নত মানদণ্ডৰ সামগ্রী প্রস্তুতৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ বাবে আমাৰ কৃষকসকলে প্রয়াস কৰিব লাগিব। কেন্দ্রীয় চৰকাৰে কৃষি সম্মান নিধি, কৃষি সিঞ্চাই যােজনা, ছয়েল হেলথ কার্ড, কে চি চিৰ দৰে কৃষক সমাজক উপকৃত হব পৰাকৈ বহু আঁচনি গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে দেশৰ কৃষিখণ্ডৰ আন্তঃগাঁথনি টনকিয়াল কৰাৰ বাবে ১ লাখ কোটি টকাৰ পেকেজৰ কথা ঘােষণা কৰি ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। এয়া খেতিয়কসকলৰ বাবে সুবর্ণ সুযােগ। তেওঁ কয় যে ৰাজ্যৰ কৃষকসকলে উৎপাদন কৰা কৃষিজাত সামগ্রী এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ কৃষকৰ বাবে এয়া এক শুভ লক্ষণ বুলিও তেওঁ কয়। কৃষিখণ্ডৰ বিকাশ সাধনৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা গুৰুত্ব আৰােপ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ জৰিয়তে ট্রেক্টৰ প্রদানৰ দৰে পদক্ষেপ গ্রহণ কৰা হৈছে। কৃষিখণ্ডত গ্রহণ কৰা পদক্ষেপ সমূহৰ লক্ষ্যই হৈছে কৃষকৰ উপার্জন বৃদ্ধি কৰা। ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথাও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অসমক দক্ষিণ-পুব এছিয়াৰ কেন্দ্র বিন্দু হিচাপে গঢ় দিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ কৃষকসকলে শ্রেষ্ঠতা প্রদর্শনৰ বাবে কাম কৰিব লাগিব। এক্ট ইষ্ট পলিচিব যােগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ১৩ খন ৰাষ্ট্ৰৰ সৈতে যােগাযােগ সম্ভব হৈ উঠিছে। আমাৰ যুৱক-যুৱতীসকলে আত্মবিশ্বাস বৃদ্ধি কৰি দক্ষিণ-পূব এছিয়াৰ বজাৰ দখল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সভাত ভাচুৱেলী ভাষণ প্রদান কৰি কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী নৰেন্দ্র সিং টোমৰে কয় যে ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাই আন্তঃৰাষ্ট্রীয় ৰূপ গ্রহণ কৰিছে। এয়া অসমৰ কৃষকসকলৰ বাবে এক আনন্দৰ বতৰা। অসমত বিভিন্ন ধৰণৰ কৃষিজাত সামগ্রী উৎপাদন হয় বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰৰকীয়ে কয় যে, ৰাজ্যখনে কৃষিজাত সামগ্রী উৎপাদনৰ দিশত বিশ্বৰ এক হাব হিচাপে পৰিগণিত হ’বলৈ ধৰিছে। তেওঁ কয় যে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে কেন্দ্রীয় চবকাৰৰ আঁচনিসমূহ সফল ৰূপত ৰূপায়ণ কৰি আহিছে। অসমৰ সামগ্ৰীয়ে যাতে বিদেশৰ বজাৰ দখল কৰিব পাৰে সেই উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে। ভাৰত চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে অসমত দেশৰ ৫০ শতাংশ চাহ উৎপাদন হােৱাৰ লগতে ২৮ শতাংশ বাঁহ উৎপাদন হয়। অসমৰ কৃষকসকল উপকৃত হব পৰাকৈ মেগাফুড পার্ক স্থাপনৰ বাবে খাদ্য সংসাধন মন্ত্রালয়ে পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ কয়। ইয়াৰ ফলত অসমৰ আয় বৃদ্ধি পােবাৰ লগতে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ’ব। প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে দেশৰ কৃষকসমাজৰ বিকাশৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কেন্দ্রীয় চৰকাৰে কৃষক সমাজত উন্নয়নৰ বাবে গ্রহণ কৰা বিভিন্ন আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে। কৃষকসকলক ১৩ লাখ কোটি টকাৰ বেংক ঋণ প্রদান কৰা হৈছে বুলিও তেওঁ কয়। ক’ভিড-১৯ ৰ ফলত প্রতিবন্ধকতা সৃষ্টি হৈছিল যদিও এই সময়ছােৱাত দেশৰ কৃষকসকলে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়। অনুষ্ঠানত ভাষণ প্রদান কৰি কৃষি মন্ত্রী অতুল বৰাই কয় যে এই আন্তঃৰাষ্ট্রীয় পর্যায়ৰ মেলাখনৰ মূল উদ্দেশ্যে হল বিশ্বৰ আধুনিক কৃষি কৌশলৰ প্রদর্শন, কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত ভাৱৰ আদান প্রদান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলােচনা চক্র, ক্রেতা-বিক্রেন্তাৰ মাজত প্রত্যক্ষ মত-বিনিময়, কৃষক প্রশিক্ষণ, কৃষি তথা উদ্যান শস্যৰ লগত জড়িত বিভিন্ন প্রদর্শনী আদিৰ জৰিয়তে অসম কৃষক ৰাইজক বাণিজ্যিক কৃষিৰ প্রতি আকৃষ্ট কৰা। ৰাজ্যখনৰ প্রগতিশীল কৃষকসকলে এই মেলাৰ জৰিয়তে তেওলােকৰ অভিজ্ঞতা অন্য কৃষকৰ সৈতে মত-বিনিময় কৰাৰ সুযােগ লাভ কৰিব বুলিও মন্ত্রীগৰাকীয়ে কয়। তেওঁ কয় যে অসমৰ কৃষকে প্রতিযােগিতামূলক আৰু বজাৰ কেন্দ্ৰীক খেতিৰ প্রতি আকর্ষিত হ'ব লাগিব। কৃষিৰ জৰিয়তে অর্থনৈতিক স্বাৱলম্বিতা আহৰণৰ বাবে কৃষক সমাজে প্রয়াস চলাব লাগিব বুলিও মন্ত্রী গৰাকীয়ে কয়। মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভা কক্ষৰ পৰা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ভার্চুৱেলী ভাষণ প্রদান কৰা সময়ত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত থাকে। আনহাতে বােকাখাতত আয়ােজিতএই অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ভৱেন ভৰালী, মৃণাল শইকীয়া, কৃষি বিভাগৰ প্রধান সচিব ৰাজেশ প্রসাদ, কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশ দ্বীপ, নাইজেৰিয়া, ঘানা, মঙ্গোলীয়া, ফিজি, ভুটান, কংগ’ৰ উচ্চায়ুক্তসকল, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড° বিদ্যুৎ চন্দ্র ডেকা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পশুপালন বিভাগৰ সচিব অশােক বর্মন, ইগু’নৈচিয়াৰ সচিব, ভিয়েটনামৰ ৰাজনৈতিক আৰু অর্থনৈতিক সত্র মুৰব্বী, গােলাঘাট জিলাৰ উপায়ুক্ত বিভাষ মােদী, উদ্যান শস্যৰ সঞ্চালক আব্দুল জলিল, অসম বীজ নিগমৰ অধ্যক্ষ প্রবীণ হাজৰিকাৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments