ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২ জানুৱাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি 'অসম কেশৰী' অম্বিকা গিৰ...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২ জানুৱাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি 'অসম কেশৰী' অম্বিকা গিৰী ৰায় চৌধুৰীৰ মৃত্যু দিৱস উদযাপন কৰি শ্ৰদ্ধাঞ্জলিৰে সোঁৱৰণ কৰে। যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ নলবাৰী চহৰৰ এন.টি ৰোড্ স্থিত কাৰ্যালয়ত অনুষ্ঠিত উক্ত কাৰ্যসুচীত অম্বিকা গিৰী ৰায় চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলণ আৰু মাল্যাৰ্পন কৰি সংগঠনটোৰ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মাই কয় যে- কুৰি শতিকাৰ খ্যাতনামা কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ সেৱক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী সেনা অম্বিকাগিৰী ৰায় চৌধুৰীয়ে গোটেই জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মাতিছিল। অসমীয়াৰ জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ সদায়েই প্ৰচেষ্টা কৰা অসমৰ মহান সংগ্ৰামী সেনাপতি জনৰ সকলো সৃষ্টিৰাজীয়ে বৰ্তমান অতি প্ৰাসংগিক হৈ পৰিছে। তেওঁৰ সৃষ্ট ৰচনাই আজিও অসমীয়াৰ মন আলোড়িত কৰে। যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত জিলা সমিতিৰ উপ-সভাপতি আচিক আহমেদ,সাংগঠনিক সম্পাদক মনজিত বৰ্মণ, সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, ক্ৰীড়া সম্পাদক অনিমেশ বৰ্মন, বিত্ত সম্পাদক সুনীল দাস,প্ৰচাৰ সম্পাদক দেৱব্ৰত ডেকা,জিলা কাৰ্যনিৰ্বাহক সদস্য হেমাংগ কলিতা, চহৰ সমিতিৰ সাধাৰণ সম্পাদক হেমেন কলিতা,পৰিষদৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি বুবুল কাকতিকে ধৰি ভালেমান কাৰ্যকৰ্তা উপস্থিত থাকি অসম কেশৰীক শ্ৰদ্ধাঞ্জলি জনাই সোঁৱৰণ কৰে।
No comments