Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গণতন্ত্ৰ দিৱস উপলক্ষে সোণতলীত বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা

  গণ বাৰ্তা,সোণতলী ২৭ জানুৱাৰীঃকামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত ৭২সংখ্যক গণতন্ত্ৰ দিৱস ...


 গণ বাৰ্তা,সোণতলী ২৭ জানুৱাৰীঃকামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত ৭২সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে যোৱা ২৬ জানুৱাৰীত সোণতলীৰ ৪গৰাকী বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা জনেৱা হয়৷ জানিব পৰামতে সেইদিনা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিচতে অঞ্চলটোৰ বিভিন্ন সামাজিক কামৰ লগত জঢ়িত থকা চাৰিগৰাকী বিশিষ্ট সমাজকৰ্মীক সন্মানিত কৰা হয়৷ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ছোৰহাৱ আলী মুন্সিয়ে বিদ্যালয় খনত উপস্থিত হৈ যতেষ্ট আবেগিক হৈ পৰে।১১৩ বছৰ বয়সত ভৰি দিয়া  ছোৰহাব আলী মুন্সীয়ে ভাষণত কয় যে দেশ স্বাধীন হোৱাৰ পূৰ্বে সোণতলী বিদ্যালয় স্থাপন কৰাৰ বাবে বি এ পাছ মানুহ বিচাৰি পোৱা অসুবিধা হৈছিল।তদুপৰি সেই সময়ত অসমৰ ৰাজধানী ছিলং আছিল তাতে গৈ যাবতীয় কাম কৰিব লগীয়া হৈছিল।সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত অশেষ কষ্ট কৰিছিল।গণৰাজ্য দিৱসৰ দিনা বিদ্যালয় খনত ভৰি দি তেওঁৰ লগত বিভিন্ন কামত সহযোগ কৰা ব্যক্তি সকল পৃথিৱীৰ পৰা বিদায় লোৱ বুলি কৈ আবেগিক হৈ পৰে।উক্ত অনুষ্ঠানত অৱসৰী শিক্ষক আবুল কাশেম আলী,সমাজ কৰ্মী ওচমান গণি আৰু আমজাদ হুছেইন চৌধুৰীক সেইদিনা বিভিন্ন উপহাৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়৷ 

No comments