Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তাঁত শালতে সপোন দেখিছে মৰাণৰ তেলীয়া পথাৰ গাৱঁৰ জীয়ৰী মহিলাই

  প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ২৪ জানুৱাৰীঃ তাঁতৰ শালখন অসমীয়া নাৰীৰ অতি হেঁপাহৰ, অতি মৰমৰ সম্পদ বুলিব পাৰি। প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্...

 


প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ২৪ জানুৱাৰীঃ তাঁতৰ শালখন অসমীয়া নাৰীৰ অতি হেঁপাহৰ, অতি মৰমৰ সম্পদ বুলিব পাৰি। প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্ন সময়ত ৰচিত বিহুনাম আদিৰ মাজেৰে ফুটি উঠে। বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে মৰমৰ দীঘেৰে, চেনেহৰ বাণীৰে বোৱা বিহুৱান একোখন প্ৰিয়জনক দি নিজেই পাটমুগাৰ ৰিহা মেখেলা পিন্ধি বান্ধৱীসকলৰ লগত আনন্দ কৰাৰ ইতিহাস আছে এইখন অসমত । তাঁত শালত প্ৰাণ পাই উঠা অসমীয়া সমাজৰ গামোচাৰ আজি দিনত বিশ্বৰজুৰি সন্মান আছে। কিন্তু আজিকালি আধুনিক যন্ত্ৰ-পাতিৰে জকমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ কম দামত বজাৰত দিব পৰা হোৱাত হাতেবোৱা কাপোৰ বিপৰ্য্যয়ৰ মুখত পৰিবলগীয়া হৈছে।  তথাপিও আশা এৰি দিয়া নাই মৰাণৰ এখন গাঁওৰ মহিলাই । তাঁত শালতে সপোন দেখিছে মৰাণৰ তেলীয়া পথাৰ গাৱঁৰ জীয়ৰী  মহিলা সকলে । ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত তেলীয়া পথাৰ গাঁৱত অৱস্থিত পুণ্য অৰণ্য বয়ন শিল্পৰ যোগেদি অঞ্চলটোৰ ১১৫ গৰাকী শিপিনী স্বাৱলম্বী হৈছে৷ উল্লেখ্য যে, তেলীয়া পথাৰ গাৱঁৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী কন্দৰ্প সাগৰ দিহিঙীয়া(মৃদুল)ই প্ৰতিষ্ঠা কৰা বয়ন কেন্দ্ৰটোৱে গাৱঁৰ মহিলাসকলক প্ৰদান কৰিছে আত্মনিৰ্ভৰশীতাৰ পথ ৷ যি সময়ত শিক্ষিত যুৱতী সকলে কৰ্মসংস্থান নাই কৰ্মবিমুখ হ'ব লগা হৈছে তেনে সময়ত তেলীয়া পথাৰ গাৱঁত জীয়ৰী  মহিলা সকলে  তাঁত শালত সপোন ৰচী  দেখুৱাইছে অন্য এক নিদৰ্শন । তেলীয়া পথাৰ পুণ্য অৰণ্য বয়ন শিল্পৰ গামোচা, চাদৰ-মেখেলা আদিয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । বয়ন শিল্পটোৰ উদ্যোগতা কন্দৰ্প সাগৰ দিহিঙীয়াই কয় যে, চৰকাৰে ইতিমধ্যে তেলীয়া পথাৰ গাঁৱক আদৰ্শ শিপিনী গাঁও হিচাপে ঘোষণা কৰিছে৷ তদুপৰি চৰকাৰে যন্ত্ৰচালিত শালৰ বয়ন কেন্দ্ৰ নিমাৰ্ণৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিছে৷ অচিৰে কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ জানিবলৈ দিয়ে । প্ৰতিগৰাকী গ্ৰাম্যাঞ্চলৰ অসমীয়া মহিলাই জন্মগত শিপিনী। পূৰ্বতে অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছে বুলি ক’ব পাৰি । কালক্ৰমত ক্ৰমান্বয়ে তাঁতশাল হেৰাই গৈছিল যদিও মৰাণলৈ পুনৰ এই পৰিৱেশ ঘুৰি আহিছে বুলি ক'ব পাৰি ।


No comments