Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইত কভিড ১৯ ৰ টিকাকৰণ আৰম্ভ৷; ডা° আদিত্য লাংথাছাই গ্ৰহণ কৰিলে হোজাই জিলাৰ প্ৰথমটো কভিড ভেকচিন

মাহমুদ আলী, নীলবাগান ১৬ জানুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই বিশ্বৰ মানৱ জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কৰনা ভাইৰাছৰ বহু প্ৰতিক...


মাহমুদ আলী, নীলবাগান ১৬ জানুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই বিশ্বৰ মানৱ জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কৰনা ভাইৰাছৰ বহু প্ৰতিক্ষিত টিকাকৰণ অভিযান আজি গোটেই ভাৰতত শুভাৰম্ভনি কৰাৰ সমান্তৰালকৈ হোজাই জিলাতো আজি আৰম্ভ হয় কৰণাৰ টিকাকৰণ কাৰ্যসুচী৷  অসমৰ সমুহ জিলাৰ লগত সংগতি ৰাখি আজি হোজাই জিলাৰ যোগীজান আদৰ্শ চিকিৎসালয় আৰু লংকা স্বাস্থ্যকেন্দ্ৰৰ কোভিড সেনানি স্বৰূপ স্বাস্থ্যকৰ্মী সকলক টিকাকৰণ কৰা হয়৷ ঐতিহাসিক এই টিকাকৰণ অভিযানৰ শুভাৰম্ভনি অনুষ্ঠানত হোজাইৰ উপায়ুক্ত ড° সাদনেক সিং উপস্থিত থাকি কভিড সেনানি স্বাস্থ্যকৰ্মী সকলক টিকাকৰণ অভিযানৰ শুভাৰম্ভনি কৰে৷ এই টিকাকৰণ অভিযানৰ আৰম্ভনিতে হোজাই জিলাৰ সুচিকিৎসক তথা প্ৰাক্তন বিধায়ক ডা° আদিত্য লাংথাছাই প্ৰথম কোভিড ১৯ টিকা গ্ৰহণ কৰি টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে৷ উল্লেখযোগ্য যে যোগীযান আদৰ্শ চিকিৎসালয়ত ১০০ গৰাকী আৰু লংকা স্বাস্থ্যকেন্দ্ৰত ১০০ গৰাকী কোভিড সেনানি স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হয়৷ এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ অনুষ্ঠানত হোজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° প্ৰতুল চক্ৰবৰ্তী, জিলা টিকাকৰণ বিষয়া ডা° ৰঞ্জু ৰাজখোৱা, হোজাই ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে,ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰৱন্ধক শ্বাৱানা চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল৷

No comments