গনবাৰ্তা দলগাও ,১২ জানুৱাৰী: ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ সৌজন্যত আৰু এন ডি আৰ এফৰ সহযোগত ২৩ ডিচেম্বৰত অৰুণাচল প্ৰদেশ পৰা আৰম্ভ কৰা ...
গনবাৰ্তা দলগাও ,১২ জানুৱাৰী: ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ সৌজন্যত আৰু এন ডি আৰ এফৰ সহযোগত ২৩ ডিচেম্বৰত অৰুণাচল প্ৰদেশ পৰা আৰম্ভ কৰা " ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ " অভিযানৰ দল নাৱেৰে (River Rafting Expedition Team) সোমবাৰৰে দৰঙৰ খাৰুপেটীয়াৰ ব্ৰহ্মপুত্ৰ নদী পাৰঘাট মাগুৰমাৰীত নাৱেৰে উপস্থিত হয় । ৰাফটিং এক্সপাৰ্ট (Rafting Expert) শোহাসিনী শেখাৱতৰ নেতৃত্ব ত ২৪ জনীয়া দলটোক খাৰুপেটীয়াৰ মাগুৰমাৰী পাৰঘাটত উষ্ম আদৰণি জনাই দৰং জিলা প্ৰশাসনে । কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিংহ শেখাৱাতৰ কন্যা শোহাসিনী শেখাৱাতে সংবাদ মাধ্যমক কয় - ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ নমুনা সংগ্ৰহ কৰি analysis কৰা হব ।ক্ৰমে প্ৰদূষিত হব ধৰা ব্ৰহ্মপুত্ৰ নদীৰ পানী প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সকলোকে আহ্বান জনায় এক্সপাৰ্ট গৰাকীয়ে । লগতে ব্ৰহ্মপুত্ৰ নদী water sports হোৱাৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি মত প্ৰকাশ কৰে । উল্লেখনীয় যে সোমবাৰে ২৪ জনীয়া দলটো খাৰুপেটীয়াত বিশ্ৰাম লৈ মঙ্গবাৰে পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰি নদী পথেৰে ২১ জানুৱাৰীত ধুবৰীৰ ভাৰত বাংলাদেশ সীমাত উপস্থিত হব ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এন ডি আৰ এফৰ এটা দলে ভূমিকম্প , বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দূর্গত সকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰি ,আকস্মিক দুৰ্ঘটনা বা আপাতকালীন সময়ত কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ২ নং মাগুৰমাৰী উত্তৰপাৰ প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্র-ছাত্ৰী সকলৰ মাজত আপাতকালীন প্ৰশিক্ষণ প্ৰদান কৰা হয়। খৰস্ৰোতা নৈৰ বিশেষজ্ঞ শুভাশিষ শ্বেখাৱতৰ নেতৃত্ব এন ডি আৰ এফৰ ১ এ বেটেলিয়ানে প্ৰদান কৰে এই প্ৰশিক্ষণ ।
No comments