Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঘগ্ৰাপাৰত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা স্থাপনৰ দাবী ভুক্তভোগী গ্ৰাহকৰ

  হামিদ আলী,  ঘগ্ৰাপাৰ, ১ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰু বৰাজোলত থকা বেংক তিনিওটাত প্ৰয়োজনীয় কৰ্মচাৰী নথকাত গ্ৰাহকৰ অভাৱনীয় ভাৱে ভিৰ হো...


 হামিদ আলী,  ঘগ্ৰাপাৰ, ১ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰু বৰাজোলত থকা বেংক তিনিওটাত প্ৰয়োজনীয় কৰ্মচাৰী নথকাত গ্ৰাহকৰ অভাৱনীয় ভাৱে ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ ঘগ্ৰাপাৰ চ’কৰ সমীপতে থকা চেন্টেল বেংক অৱ ইণ্ডিয়াৰ ঘগ্ৰাপাৰ শাখাত প্ৰায় ২৫ হাজাৰ গ্ৰাহক থকাৰ বিপৰীতে মাত্ৰ চাৰিগৰাকী কৰ্মচাৰীয়ে বেংকৰ কাম- কাজ চলায় আছে ৷ আন্‌হাতে অসম গ্ৰামীণ বিকাশ বেংকৰ ঘগ্ৰাপাৰ শাখাত প্ৰায় ৪২ হাজাৰ গ্ৰাহক থকাৰ বিপৰীতে মাত্ৰ তিনিগৰাকী কৰ্মচাৰীয়ে বেংকটো চলাব লগাত পৰিছে ৷ উল্লেখ্য উক্ত বেংকটো চাৰি গৰাকী কৰ্মচাৰী আছিল যদিও কালি অৰ্থাৎ ৩১ ডিচেম্বৰত এগৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে ৷  মাত্ৰ তিনিগৰাকী কৰ্মচাৰীৰে বেংকটো কেনেকৈ চলায় নিব এইক্ষেত্ৰত  শাখা পৰিচালক গৰাকী চিন্তিত হৈ পৰা বুলি জানিব পৰা গৈছে ৷ তদুপৰি বৰাজোলস্থিত পাঞ্জাৱ নেচনেল বেংকত প্ৰায় ২৬ হাজাৰ গ্ৰাহক থকাৰ বিপৰীতে মাত্ৰ চাৰিগৰাকী কৰ্মচাৰীয়ে বেংকৰ শাখাটো চলায় আছে ৷ ইতিমধ্যে বেংক সমূহত ছাত্ৰ- ছাত্ৰী সকলৰ একাউণ্ট খোলাৰ বাবে চৰকাৰ পক্ষৰ পৰা নিৰ্দেশ আহিছে বুলি জানিব পৰা গৈছে ৷ ছাত্ৰ- ছাত্ৰী সকলৰ একাউণ্ট খুলিলে আৰু যথেষ্ট পৰিমাণে বেংক কেইটাত গ্ৰাহকৰ ভিৰ বৃদ্ধি পাব বুলি ধাৰণা কৰিছে ৷  উল্লেখ্য বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল ৷ কৃষক সকলৰ অধিক সংখ্যকেই অৰ্ধশিক্ষিত বা অশিক্ষিত লোক ৷ ডিজিটেল পদ্ধতি ব্যৱস্থাৰে বেংকৰ লেনদেন কৰিব বিচৰা হৈছে যদিও গ্ৰাহক সকলৰ অধিকাংশই এই ব্যৱস্থাটো ব্যৱহাৰ কৰিব নোৱাৰে বা নাজানেে ৷ ইপিনে চৰকাৰ পক্ষই বিভিন্ন ৰকমৰ হিতাধিকাৰী সৃষ্টি কৰি বেংক একাউণ্টৰ জৰিয়তে ধন দিয়াৰ ব্যৱস্থা কৰিছে ৷ তদুপৰি কম পৰিমাণৰ ধনকে দুবাৰ- তিনিবাৰত ভাগ কৰি হিতাধিকাৰীৰ একাউণ্টত সুমুৱাই দিয়ে ৷ যাৰ ফলত তাকৰীয়া কৰ্মচাৰীৰে পৰিচালিত হৈ থকা উল্লিখিত বেংক কেইটাত গ্ৰাহকৰ  অভাৱনীয় ভাৱে ভিৰ হোৱা পৰিলক্ষিত হৈ আহিছে ৷ বেংক কেইটা খোলাৰ পিছৰে পৰা বন্ধ হোৱা পৰ্যন্ত আহৰি নোপোৱাকৈ কাম কৰি থকাৰ পিছতো  প্ৰতিদিনে একে ধৰণে গ্ৰাহকৰ ভিৰ হৈ থাকে ৷ এনে ক্ষেত্ৰত ব্যৱসায়- চাকৰি কৰা  কিছুমান গ্ৰাহকে যথেষ্ট অসুবিধাৰ সন্মুখিন হৈ আহিছে ৷ ব্যৱসায়ী সকলে ব্যৱসায়- প্ৰতিষ্ঠান এৰি থৈ  শাৰী পাতি থাকি ঘন্টাৰ ঘন্টা ধৰি ৰৈ থাকিব নোৱাৰে ৷ জানিব পৰা মতে ইতিমধ্যে উল্লিখিত বেংক কেইটাৰ পৰা কৰ্মচাৰী বঢ়াই দিয়াৰ ক্ষেত্ৰত উৰ্দ্ধতন কৰ্ত্তৃপক্ষক বাৰাম্বাৰ অৱগত কৰিছে যদিও কোনোধৰণৰ সেউজ সংকেত পোৱা নাই ৷ উল্লেখ কৰা বেংক কেইটাৰ গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি তথা ব্যৱসায়- চাকৰিয়াল সকলৰ লগতে সাধাৰণ গ্ৰাহক সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্য ঘগ্ৰাপাৰৰ চ’কৰ সমীপত এটা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ ঘগ্ৰাপাৰৰ দুয়োটা চ’কৰ উপৰিও অঞ্চলটোৰ সৰু সৰু চ’ক সমূহতো যথেষ্ট সংখ্যক সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি উঠিছে ৷ তদুপৰি ঘগ্ৰাপাৰত চক্ৰ বিষয়াৰ কাৰ্যালয়, উন্নয়ন খণ্ডৰ কাৰ্যালয়, বনভাগ কনিষ্ঠ মহাবিদ্যালয়,  থানা, মহকুমা স্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসালয়, চি ডি পি অ’ অফিচ, ৰেল ষ্টেচন, ঘগ্ৰাপাৰ হাইস্কুল, ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল, তেল ডিপো , চি আৰ পি কেম্প, পঞ্চায়ত কাৰ্যালয় থকাৰ লগতে বে - চৰকাৰী মহাবিদ্যালয় এখন আৰু বে- চৰকাৰী বিদ্যালয় কেইবাখনো আছে ৷ তদুপৰি নিৰ্মীয়মাণ নলবাৰী চিকিৎসা মহাবিদ্যালয় খনো ঘগ্ৰাপাৰৰ বড়িগাঁও( দক্ষিণগাঁও) ত স্থাপন হৈছে ৷ ইপিনে নলবাৰীত হে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা আছে, য’ত দূৰ দূৰণিৰ গ্ৰাহকে বিভিন্ন সমস্যাৰ সন্মুখিন হব লগাত পৰিছে ৷ আনহাতে ঘগ্ৰাপাৰত ইমানবোৰ অফিচ- কাৰ্যালয় তথা ব্যৱসায় প্ৰতিষ্ঠান থকাৰ পিছতো ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা এটা নথকাত লেনদেনৰ ক্ষেত্ৰত গ্ৰাহক সকলে ভীষণ অসুবিধা ভোগ কৰি আহিছে ৷ উল্লেখ্য যে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা মুকলি কৰিব পৰাকৈ ঘগ্ৰাপাৰৰ চ’কৰ সমীপতে দুই- তিনি মহলাৰ বৃহৎ আকাৰৰ গৃহ আছে ৷ এনেক্ষেত্ৰত ঘগ্ৰাপাৰত  ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা এটা অতি শীঘ্ৰে  মুকলি কৰিবলৈ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ গ্ৰাহক ৰাইজৰ লগতে স্থানীয় বিভিন্ন দল- সংগঠনে দাবী উত্থাপন কৰিছে ৷

No comments