Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অপব্যৱহাৰ নকৰিব প্ৰয়োজনৰ কাপোৰ লৈ যাব শীৰ্ষক শ্লোগানেৰে বৰছলাৰ শিঙৰীত স্বৰূপ শৰ্মাৰ প্ৰচেষ্টাত আৰম্ভ হৈছে ক্লথ বেংক

গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি,  ১১জানুৱাৰীঃ  বেংক বুলিলে সচৰ -আচৰ টকা থোৱা বেংককে বুজায়৷টকা থোৱা বেংকৰ নাম বহুত শুনিছে৷কিন্তু আজি আমি কব বিচাৰিছ...


গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি, ১১জানুৱাৰীঃ বেংক বুলিলে সচৰ -আচৰ টকা থোৱা বেংককে বুজায়৷টকা থোৱা বেংকৰ নাম বহুত শুনিছে৷কিন্তু আজি আমি কব বিচাৰিছো “ক্লথ বেংক” অৰ্থাৎ কাপোৰ বেংকৰ কথা৷শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই বাস্তৱ সত্য৷ হয় ,শোণিতপুৰ জিলাৰ বৰছলাৰ শিঙৰীত এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই“ ক্লথ বেংক” ৷কিয় চৰ্চাত এই “ক্লথ বেংক” ৷হাঁড় কপোঁৱা জাৰত এজোৰ বস্ত্ৰৰ বাবে গ্ৰামাঞ্চলৰ এনে বহু লোক আছে যিয়ে আজিও এজোৰ কাপোৰৰ  বাবে অভাৱ হয়৷সেই দূখিয়া- নিচলা লোক সকলক বস্ত্ৰৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে শোণিতপুৰৰ বৰছলাৰ শিঙৰীত শিক্ষক আৰু সমাজকৰ্মী স্বৰূপ শৰ্মা নামৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই “ক্লথ বেংক ”অৰ্থাৎ কাপোৰ বেংক৷ পথৰ দাঁতিত মুকলি অৱস্থাত  থকা কাপোৰ বেংকৰ পৰা বিনামূলীয়াকৈ যাৰ যেনেকৈ মন যায় ইয়াৰ পৰা নিজ ইচ্ছাৰে কাপোৰ লৈ যাব পাৰে৷কাকো সুধিবও নালাগে৷অপব্যৱহাৰ নকৰিব প্ৰয়োজনৰ কাপোৰ লৈ যাব শীৰ্ষক শ্লোগানেৰে আৰম্ভ কৰা এই কাপোৰ বেংকত নাথাকে কোনো ৰখিয়াও৷ বিশেষকৈ দূখিয়া নিচলা লোক সকলে এজোৰ বস্ত্ৰৰ হাহাকাৰ কৰিবলগীয়া হয়৷সেই সকল লোকৰ বাবে এই ক্লথ বেংকে অভাৱ পূৰন কৰিব৷উল্লেখ্য যে ইয়াত ব্যৱহৃত কাপোৰ আৰু নতুন কাপোৰ মজুত ৰখা হয়৷ইয়াত আপোনাৰ প্ৰয়োজনৰ কাপোৰ নিজ ইচ্ছাৰে বিনামূলীয়াকৈ কাকো নুসুধাকৈ নিব পাৰিব৷কিয়নো ইয়াত নাথাকে কোনো ৰখীয়াও৷বিগত গান্ধী জয়ন্তী দিনা খনৰ পৰা বৰছলাৰ শিঙৰীত স্বৰূপ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ক্লথ বেংক এতিয়া চৰ্চা লাভ কৰাই নহয় প্ৰশংসাও বুটলিছে৷লোক জনৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়াল যি সকলে এজোৰ বস্ত্ৰ কিনিব নোৱাৰে সেই সকলৰ বস্ত্ৰৰ অভাৱ পুৰণ কৰিব সেয়া নিশ্চিত৷স্বৰূপ শৰ্মাৰ এই আশাসুধীয়া প্ৰচেষ্টা দেখি বিভিন্ন প্ৰান্তৰ লোকেও ইয়াত সহায় কৰিবলৈ কাপোৰ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে৷এই সন্দৰ্ভত স্বৰূপ শৰ্মাই জানিবলৈ দিয়ে- আমি কেবল এটা প্ৰচেষ্টা লৈছিলো ৷কিন্তু যোৱা অক্টোৱৰ মাৰ পৰা এতিয়ালৈকে ভাল সহাঁৰি লাভ কৰিছো৷ইয়াৰ দ্বাৰা বহু দূখিয়া দৰিদ্ৰ লোকে নিজৰ প্ৰয়োজনীয় কাপোৰ নিবলৈ পাৰিছে৷ আগন্তক দিনক এই প্ৰচেষ্টাক অধিক তৰান্বিত কৰিব বুলি প্ৰকাশ কৰে৷

No comments