পুলেন্দ্ৰ দাস, বৰপেটা, ১৭ জানুৱাৰী : বৰপেটাৰ ক্লাৱ ৰাইনো প্ৰাংগনত কালি নিশা সম্পন্ন হয় সৌন্দৰ্য প্ৰতিযোগিতা ৷ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ না...
পুলেন্দ্ৰ দাস, বৰপেটা, ১৭ জানুৱাৰী : বৰপেটাৰ ক্লাৱ ৰাইনো প্ৰাংগনত কালি নিশা সম্পন্ন হয় সৌন্দৰ্য প্ৰতিযোগিতা ৷ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত মিছ বৰপেটাৰ লগতে পুৰুষ আৰু শিশুৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বৰপেটাৰ অংকিতা দাসে লাভ কৰে মিছ বৰপেটাৰ খিতাপ ৷ প্ৰথম ৰাণাৰ্ছ আপ হয় ৰৌতা, ওদালগুৰিৰ প্ৰিয়দৰ্শন হাজৰিকাই আৰু দ্বিতীয় ৰাণাৰ্ছ আপ হয় বৰপেটাৰ মধুস্মিতা দাসে ৷ ফেশ্বন ডিজাইনাৰ ৰুবি আহমেদৰ উদ্যোগত অনুষ্ঠিত আৰু প্ৰতীক পাৰ্মে আঁত ধৰা প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷
No comments