গণ বাৰ্তা,নুমলীগড়, ২১ জানুৱাৰীঃ মৰঙি মৌজাৰ ফলঙনিত হথাতে কালি যোগান বিভাগে অভিযান চলাই ৮৫ টাকৈ অবৈধ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে। কোনো ধৰণ...
গণ বাৰ্তা,নুমলীগড়, ২১ জানুৱাৰীঃ মৰঙি মৌজাৰ ফলঙনিত হথাতে কালি যোগান বিভাগে অভিযান চলাই ৮৫ টাকৈ অবৈধ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে। কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে একাংশ লোকে ৰন্ধন গেছ চিলিণ্ডাৰৰ অবৈধ ব্যৱসায় কৰি আহিছে। যাৰ বাবে যিকোনো সময়ত অঞ্চলটোত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈ বিপদজনক ভাৱে কৰি অহা অবৈধ ৰন্ধন গেছ চিলিণ্ডাৰ এনে বেহাক নাকি লগাবলৈ যোগান বিভাগে অভিযান চলাই জব্দ কৰে চিলিণ্ডাৰ সমূহ ।
No comments