Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙৰ বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সভা আৰু কমিটী গঠন। অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিৰ চিৰাং জিলা সমিতি গঠন

  গণ বাৰ্তা ,পাণবাৰী ২৫ জানুৱাৰী:  অসমত এই বাৰ বিধান সভা নিৰ্ব্বাচনত বিজেপিৰ মিচন ১০০ প্লাচ অবান্তৰ কথা বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ উপকেন...

 


গণ বাৰ্তা ,পাণবাৰী ২৫ জানুৱাৰী:  অসমত এই বাৰ বিধান সভা নিৰ্ব্বাচনত বিজেপিৰ মিচন ১০০ প্লাচ অবান্তৰ কথা বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ উপকেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ। তেওঁ আৰু কয় যে বিজেপিয়ে এই ধৰণৰ কথা কৈ অসম বাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। বিগত পাঁচ বছৰে অসম বাসীয়ে বিজেপিক দেখিলে গতিকে এইবাৰ বিজেপিৰ কথাত অসম বাসী আৰু ভোল নাযায়। অসম জাতীয় পৰিষদে আঞ্চলিকদল সমুহক লগত লৈ বিজেপি মুক্ত অসম গঢ়াৰ প্ৰয়াসেৰে নিৰ্ব্বাচনত নামিব আৰু ১২৬ টা বিধান সভা সমষ্টিতেই প্ৰাৰ্থী আগবাঢ়াব বুলি কয়। বিপিএফদলৰ সৈতে মিত্ৰতাৰ কথা চলি আছে যদিও এতিয়াও চুড়ান্ত হোৱা নাই বুলিও জনায় বসুমতাৰীয়ে। অসম চৰকাৰে এতিয়া অসম বাসীক ভোল নিয়াবলৈ শক্তি প্ৰয়োগ কৰি আছে আৰু সেয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শাহক নমাব লগীয়া হৈছে। মোদী-শাহে অসমত আহি কি কৰিব মাথো প্ৰলোভনৰ ৰাজনীতি কৰিবলৈহে অসমত আহে তেওঁলোকে বুলিও কয় নেতাজনে। বিজেপিয়ে লাইকা দধীয়া বাসীৰ প্ৰতিবাদক কোনো গুৰুত্ব দিয়া নাই,অসমৰ বান-গৰাখহনীয়াক গুৰুত্ব দিয়া নাই। যোৱা বিধান সভা নিৰ্ব্বাচনৰ পুৰ্বে মোদীয়ে অসমত আহি দিয়া প্ৰতিশ্ৰুতিৰ এটাও ৰক্ষা নকৰিলে বুলি অভিযোগ কৰে নেতাজনে। মুঠতে এইবাৰ অসমৰ ৰাইজ বিজেপিৰ পৰা লবলৈহে আছে দিবলৈ নহয় বুলি স্পষ্ট কৰে। সৰ্ব্বানন্দ আৰু হিমন্ত আকৌ মোদি-শাহৰ ওচৰত আঠু লব। কাৰণ দুয়োজনকে লাগে মুখ্যমন্ত্ৰীৰ পদটোহে। গতিকে সৰৰ্ব্বানন্দই  হিমন্ত বিশ্বক এদিনৰ বাবে মুখ্য মন্ত্ৰী বনাই ছাব লাগে এদিনতে অসম জ্বলাই শেষ কৰিব বুলিও কয় নেতাজনে। বিজেপিয়ে এইবাৰ সুন্য হব বাবেই ভয়তে মোদী- শাহক নমাবলগীয়া হৈছে বুলিও কয় কাৰণ তেওঁলোকৰ হাতত অইন আৰু কোনো উপায় নাই ৰাইজে বিশ্বাসত নলয় বিজেপিক।  আজি চিৰাং জিলাৰ বিজনী ড:আম্বেদকাৰ সমুহীয়া কেন্দ্ৰত অসম জাতীয় পৰিষদ ৰ যোগদান সমাৰোহ অনুষ্টিত হয়। চিৰাং জিলা সমিতি অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিৰ কমিটী গঠন কৰে। আজি এই যোগদান সমাৰোহ অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শতাধিক লোকে যোগদান কৰে। খলিলুৰ ৰহমানক সভাপতি আৰু অলক ৰায়ক সাধাৰণ সম্পাদক লৈ ৫০ জনীয়া জাতীয় পৰিষদৰ চিৰাং জিলা সমিতি গঠন কৰাৰ লগতে হৃদজ্যোতি দাসক সভাপতি আৰু জাহিদুল ইসলাম সেখক সাধাৰণ সম্পাদক হিচাবে লৈ ৫০ জনীয়া চিৰাং জিলা সমিতি জাতীয় যুৱ শক্তিৰ কমিটী গঠন কৰে। উক্ত অনুষ্টানত উপ কেন্দ্ৰীয় সমিতিৰ অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰী কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক নৃপেন দাস আৰু চিৰাং জিলা উপেন ৰাজ নাথ   তত্বাৱধায়ক হিচাবে থকাৰ ওপৰি  কেইবাগৰাকি বিশিষ্ট অতিথি উপস্থিত থাকে এই সভাত ।

No comments