Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফুত বিজেপিৰ দলীয় সভাত কেন্দ্ৰীয় নেতা পৱন শৰ্মাঃপৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব

  ডিফু, ৭ জানুৱাৰী : ৰাজ্যৰ পৰৱৰ্তী সাম্ভাৱ্য মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি মাজে সময়ে ৰাজ্যত ৰাজনৈতিক বিতৰ্ক অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জ...

 


ডিফু, ৭ জানুৱাৰী : ৰাজ্যৰ পৰৱৰ্তী সাম্ভাৱ্য মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি মাজে সময়ে ৰাজ্যত ৰাজনৈতিক বিতৰ্ক অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিফুত আজি এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপি দলৰ কেন্দ্ৰীয় নেতা পবন শৰ্মাই । উল্লেখযোগ্য যে দলটোৰ কেন্দ্ৰীয় নেতা পৱন শৰ্মা আৰু সাংসদ ডা° ৰাজদ্বীপ ৰয় প্ৰমুখ্যে নেতাসকলে ডিফুত আজি এক দলীয় সভাত অংশগ্ৰহণ কৰে ।সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। আনহাতে সমাগত নিৰ্বাচনত দলটোৱে অসমত প্ৰতিষ্ঠা কৰা পোন্ধৰখন চিকিৎসা মহাবিদ্যালয়, আইন মহাবিদ্যালয়, খোৱাপানীৰ সুবিধা, নব্বৈ হাজাৰ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বাৰ্তা লৈ ৰাইজৰ কাষ চাপিব বুলি মন্তব্য কৰে ।


No comments