Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লামডিঙৰ ৰেলৱে চিকিৎসালয়ত আজিৰে পৰা আৰম্ভ হ'ল কোৰোনা টীকাকৰণ

গণ বাৰ্তা লামডিং২৫ জানুৱাৰী: বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰতিৰোধ কৰিবলৈ ভাৰততে প্ৰস্তুত কৰি উলিওৱা ভেকচিন যোৱা ১৬ জানুৱাৰী...


গণ বাৰ্তা লামডিং২৫ জানুৱাৰী: বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰতিৰোধ কৰিবলৈ ভাৰততে প্ৰস্তুত কৰি উলিওৱা ভেকচিন যোৱা ১৬ জানুৱাৰীৰে পৰা সমগ্ৰ দেশতে টীকাকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ পৰিছে ৷ আজি হোজাই জিলাৰ লামডিঙৰ ৰেলৱে চিকিৎসালয়ত এই টীকাকৰণৰ  প্ৰক্ৰিয়া আৰম্ভ হয় ৷ লামডিঙ সমষ্টিৰ  বিধায়ক শিবু মিশ্ৰই টীকাকৰনৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভনি কৰে ৷আজিৰ এই টীকাকৰণত প্ৰথমে ভেকচিনেটেড হয় লামডিং সমুহীয়া চিকিৎসালয়ৰ চিকিৎসক সুমিত্ৰা দে ৷ তাৰোপৰি লামডিঙৰ প্ৰায় ৬৬ গৰাকী চিকিৎসক, নাৰ্চ, তথা স্বাস্থ্য কৰ্মীয়ে এই ভেকচিন গ্ৰহণ কৰিব ৷ ভেকচিনৰ টীকাকৰন  লোৱাৰ পাছতেই লামডিঙ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সুমিত্ৰা দে কয় যে  ভেকচিনৰ টীকাকৰনক লৈ ৰাইজে ভয় খোৱাৰ প্ৰয়োজন নাই ৷  তথা ভেকচিনৰ নামত কোনোধৰনৰ উৰাবাতৰিক লামডিঙৰ ৰাইজৰ মাজত প্রশ্ৰয় নিদিয়াৰ বাবেও আহ্বান জনায় ৷ এই টিকা কৰণ সম্পূৰ্ণ উন্নত তথা সুৰক্ষিত বুলি মন্তব্য কৰে ৷  আজিৰ অনুষ্ঠান লামডিঙ সমষ্টি বিধায়ক শিবু মিশ্ৰৰ লগতে লামডিঙ ৰেলৱে চিকিৎসালয়ৰ চিকিৎসক তথা সমূহ স্বাস্থ্য কৰ্মী আৰু লামডিঙ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎক, স্বাস্থ্য কৰ্মীকে ধৰি লামডিঙৰ COVOL টীমো উপস্থিত থাকে ৷

No comments