Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাভা হাছংঙৰ পুঁজিৰে নিৰ্মাণ ৰৰি উলিওৱা চাৰিটা পকী পথৰ উন্মোচন কৰিলে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই

  গনবাৰ্তা বকো , ২৪ জানুৱাৰী : কামৰূপ জিলাৰ বকোত আজি ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ এলেকাত চাৰিটাকৈ পকীকৈ নিৰ্মাণ কৰা পথৰ আনুষ্ঠানিক ভাৱে...

 


গনবাৰ্তা বকো , ২৪ জানুৱাৰী : কামৰূপ জিলাৰ বকোত আজি ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ এলেকাত চাৰিটাকৈ পকীকৈ নিৰ্মাণ কৰা পথৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৰাভা হাছংঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ ৰাভা হাছংঙৰ ২৩ নং খলিহাকোঠ পৰিষদীয় সমষ্টিত ২০১৯-২০ বৰ্ষত ৰাভা হাছংঙৰ পুঁজিৰে জালুকবাৰী তিনি আলি চ'কৰ পৰা পাৰেভিতা গাঁওলৈ নিৰ্মাণ কৰি উলিওৱা পকী পথৰ উন্মোচন খলিফা কোঠ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীৰ উপস্থিতিত ৰাভা হাছংঙৰ বকো পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, কাৰ্যবাহী সদস্য আদিত্য ৰাভাৰ সহযোগত ৰাভা হাছংঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উন্মোচন কৰে নিৰ্মাণ কৰা পকী পথটি ৷ ইয়াৰ পিছত হাঁহিম পৰিষদীয় সমষ্টিৰ মৌমান, বকো পৰিষদীয় সমষ্টিৰ জাৰাপৰাত আৰু দক্ষিণ বন গাঁও পৰিষদীয় সমষ্টিৰ গলেবোকাত পকীকৈ নিৰ্মাণ কৰা পথৰ শুভ উন্মোচন কৰা হয়৷ এই ক্ষেত্ৰত হাঁহিম পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সোনাৰাম ৰাভা, বকো পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , দক্ষিণ বনগাঁও পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই পথ উন্মোচন কৰা কাৰ্যই ভূয়সী প্ৰশংসা কৰে৷ আজি পথ উন্মোচন কৰাৰ সময়ত ২৩ নং খলিহা কোঠ পৰিষদীয় সমষ্টিত ৰাভা হাছংঙৰ মুখ্য কাৰ্যবাহী সদস্যৰ পুঁজিৰে ২০২১-২২ বৰ্ষৰ আৱন্টিত টকাৰে পাৰ্বতী পাহাৰৰ আন্ত: গাঁথনিৰ উন্নয়নৰ বাবে ২০ লাখ , চড়িকা গোঁসানীৰ বাবে ১০ লাখ টকাৰ আৱন্টন দিয়াৰ কথা মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ঘোষণা কৰে ৷ উক্ত অনুষ্ঠানত ৰাভা হাছংঙৰ সাধাৰণ সদস্য কল্পৰাম ৰাভা, ২৩নং খলিহাকোঠ পৰিষদীয় সমষ্টিৰ মনি টৰিং কমিটিৰ বিষয় - ববীয়া, জালুকবাৰী গঞা ৰাইজ, ভালুকঘাটা সত্ৰৰ পৰিচালনা কমিটি, বেকেলী ৰাইজ গয়ৰহ, শ্ৰী শ্ৰী মা পাৰ্বতী পাহাৰ ৰাইজ ,  চিমিলা মহিলা সমিতি, জনম ভূমি দ্বীপ মহিলা আত্মসহায়ক গোটকে ধৰি ৰাভা হাছংঙৰ বিভিন্ন পৰিষদীয় সমষ্টিৰ কৰ্ম - কৰ্তা সকলে অংশ গ্ৰহন কৰে ৷

No comments