Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আন্ত:জিলা চাব-জুনিয়ৰ ল'ৰাৰ হেণ্ডবল প্ৰতিযোগিতাত তিনিচুকীয়া জিলা চেম্পিয়ন

  গণ বাৰ্তা,ফিল'বাৰী,১১ জানুৱাৰীঃ অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত  যোৱা ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী...

 


গণ বাৰ্তা,ফিল'বাৰী,১১ জানুৱাৰীঃ অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত  যোৱা ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী লৈকে অনুষ্ঠিত হৈছিল  ২০ সংখ্যক গিৰিন্দ্ৰ শৰ্মা সোৱৰণী আন্ত:জিলা চাব-জুনিয়ৰ ল'ৰাৰ হেণ্ডবল প্ৰতিযোগিতা।চাব-জুনিয়ৰ লৰাৰ হেণ্ডবল প্ৰতিযোগিতাত চুডান্ত খেলত তিনিচুকীয়া জিলা হেণ্ডবল দলে মৰিয়নি হেণ্ডবল দলক ১৭-১৫ গলৰ ব্যৱধানত পৰাজয় কৰি  চুড়ান্ত খিতাপ দখল কৰে।আজি তিনিচুকীয়া জিলা  চাব -জুনিয়ৰ হেণ্ডবল দলটি গৃহ জিলাত উপস্থিত হোৱা পিছতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এন এইছ ৩৭ নং ধাবাত তিনিচুকীয়া জিলা হেণ্ডবল এচকিয়েচনে আজি এক অভিনন্দন অনুষ্ঠান আয়োজন কৰে।তিনিচুকীয়া জিলা হেণ্ডবল সন্থাৰ সভাপতি ললিত গগৈ আৰু সম্পাদক শ্বাহ মিৰোজ আলিয়ে খেলুৱৈ সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।আনহাতে তিনিচুকীয়া দলৰ কেপ্টেইন বিবেক তাঁতীয়ে লাভ কৰিছিল খেলুৱৈ সন্মান লাভ কৰিছিল উক্ত প্ৰতিযোগিতাত। ২০ সংখ্যক গিৰিন্দ্ৰ শৰ্মা সোৱৰণী আন্ত:জিলা চাব-জুনিয়ৰ ল'ৰাৰ হেণ্ডবল প্ৰতিযোগিতাৰ বিজয়ী তিনিচুকীয়া জিলা হেণ্ডবল দলৰ  প্ৰশিক্ষক আছিল তিনিচুকীয়া জিলা হেণ্ডবলৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বাহ মিৰোজ আলি আৰু টীম মেনেজাৰ অৰ্জুন মৰাণ।তিনিচুকীয়া জিলা হেণ্ডবল দলটো বিজয়ী হোৱাৰ পাছতে জিলা খনৰ ক্ৰীড়া মহল,দল সংগঠন উৎফুল্লিত হৈ পৰাৰ লগতে শুভেচ্ছা ঞ্জাপন কৰিছে।আজিৰ খেলুৱৈক সকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


No comments