Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাবুৱাত আছুৰ নৱনিৰ্মিত শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন

চাবুৱাৰ প্ৰতিবেদক, ৮ জানুৱাৰী:  সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি চাবুৱা আছুৰ স্থায়ী কাৰ্যালয়ৰ নৱন...


চাবুৱাৰ প্ৰতিবেদক, ৮ জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি চাবুৱা আছুৰ স্থায়ী কাৰ্যালয়ৰ নৱনিৰ্মিত শ্বহীদ ভৱনৰ আধাৰশিলা আজি স্থাপন কৰে। সম্পূৰ্ণ মায়ামৰা ধৰ্মৰ ৰীতি-নীতিৰে কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত মাংগলিক অনুষ্ঠানত গাঁওবুঢ়া হিচাপে উপস্থিত থাকে ভূবন চেতিয়াৰ লগতে অন্যান্য ভক্তবৃন্দ । সমিতিৰ সভাপতি সম্পাদক ক্ৰমে মৃদুপৱন গগৈ আৰু প্ৰণব জ্যোতি দত্তই সেৱা কৰি ভকতসৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। মাহ-প্ৰসাদ বিতৰণৰ পিছতেই আনুষ্ঠানিকভাৱে ধূপ-ধূণা প্ৰজ্বলন কৰি  ভক্ত সকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড় জিলা আছুৰ প্ৰাক্তন সভাপতি লিখন বৰুৱাই । আধাৰশিলা স্থাপন কাৰ্যসূচীত শিক্ষাবিদ কালিৰাম শইকীয়া, সাহিত্যিক নৰেশ্বৰ হাজৰিকা , শিক্ষাবিদ হৰনাথ দুৱৰা ,  প্ৰশান্ত নেওগ , প্ৰাক্তন আছু নেতা তথা শিক্ষাবিদ প্ৰদীপ হাজৰিকা ,  অসম বিদ্যাপীঠৰ অধ্যক্ষ নিপেন গোহাঁইকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

No comments