Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘৰত কাৰবি পৰাম্পৰাগত উৎসৱ হাচা কেকান উদযাপন

  গণবাৰ্তা বিশেষ,ডিফু, ২১ জানুৱাৰী: কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰব...


 গণবাৰ্তা বিশেষ,ডিফু, ২১ জানুৱাৰী: কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰবি পৰম্পৰাগত শস্য চপোৱা উৎসৱ(হাচা কেকান) টি উলহ-মালহ কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত বিগত দুটা বছৰধৰি এই উৎসৱ উদযাপন কৰাৰ লগতে এইবাৰ সামৰণি পৰ্বৰ হাচা কেকান পালন কৰা হৈছে ৷ ডেকা -গাভৰু সকলে সোণোৱালী পথাৰৰ পৰা সোণগুটি কঢ়িয়াই আনি কাৰবি দেউৰী (পুজাৰী)ৰ হতুৱাই ১৩ টাকৈ কুকুৰা ভগৱন্ত হেম্ফুৰ চৰণত উচ্ছৰ্গা কৰি পূজা অৰ্চনা কৰে ৷ চপোৱা ধানখিনি মুখ্য কাৰ্যবাহী সদস্যৰ সহ ধৰ্মিনী কাচে টেৰণপীয়ে  ডেকা গাভৰুৰ খাঙত ভৰাই দিয়াৰ পিছত ডেকা-গাভৰু সকলে পৰাম্পৰাগত নীতি অনুসৰি ধানখিনি ভঁৰালত ভৰায় ৷ ৰংহাঙৰ ঘৰত অনুষ্ঠিত হাচা কেকান উৎসৱত উপস্থিত থকা তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে'ই সাংবাদিক সকলৰ আগত কয়যে, এই উৎসৱ কাৰবি সকলৰ শস্য চপোৱা উৎসৱ ৷ দেউৰী সকলে প্ৰতি বছৰে পথাৰত ধানৰ উৎপাদন নদন-বদন হোৱাৰ বাবে বিভিন্ন পূজা- অৰ্চনাৰ মাজেৰে এই উৎসৱ সম্পন্ন কৰা হয় বুলি কয় ৷ দিনজোৰা অক্লান্ত ভাগৰৰ অন্তত ডেকা-গাভৰু সকলে সন্ধিয়া পৰাম্পৰাগত হাচা কেকান নৃত্য কৰি আনন্দ- উল্লাহ কৰে ৷ আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়যে, কাৰবি কৃষক সকলক আগুৱাই নিয়া স্বাৰ্থত হাচা কেকানৰ বিশেষ প্ৰয়োজন আছে ৷ হাচা কেকান উৎসৱৰ বাবে গাঁৱৰ মুখিয়াক মাননী দি ডেকা-গাভৰুৰ এই সামাজিক উৎসৱৰ বাবে অনুমতি লৈহে এই উৎসৱ পালন কৰা হয় ৷ এই উৎসৱে কাৰবি ৰাইজৰ লগতে ডেকা গাভৰুৰ মনত বহু আনন্দ প্ৰদান কৰে বুলি মন্তব্য কৰে ৷আজিৰ অনুষ্ঠত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি আৰু শুভাকাংখীয়ে অংশ গ্ৰহণ কৰে ৷

No comments