Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ভোগদৈপৰীয়া কবিকণ্ঠ'ৰ প্ৰতিষ্ঠা দিৱস পালন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১১ জানুৱাৰী -- সাম্প্ৰতিক অসমত সাহিত্য অনুষ্ঠানবোৰৰ ভিৰ বাঢ়িছে । সৰু সৰু গোট বোৰেও যথেষ্ট ভাল কাম কৰি আছে । সাহিত্য ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১১ জানুৱাৰী -- সাম্প্ৰতিক অসমত সাহিত্য অনুষ্ঠানবোৰৰ ভিৰ বাঢ়িছে । সৰু সৰু গোট বোৰেও যথেষ্ট ভাল কাম কৰি আছে । সাহিত্য অনুষ্ঠানবোৰে বিলাস এৰি গুণগত মৰ্যদাৰে কাম কৰিলে সাহিত্য চৰ্চ্চাই সঠিক বাট বুটলিব । ভোগদৈ পৰীয়া কবি কণ্ঠই যোৰহাটতে সীমাবদ্ধ নাথাকি দেশ - বিদেশৰ সাহিত্য মুকুটা বুটলা কাৰ্য্য প্ৰশংসনীয় । দেওবাৰে যোৰহাটৰ চন্দ্ৰকাণ্ড সন্ধিকৈ ভৱনৰ মুকলি মঞ্চত ' ভোগদৈপৰীয়া কবি কণ্ঠই'ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ' ভোগদৈপৰীয়া সাহিত্য বঁটা ২০২০, গ্ৰহণ কৰি এই দৰে কয় বিশিষ্ট সমালোচক ,শিক্ষাবিদ ড0 দিলীপ বৰুৱাই । এটি বৰগীতেৰে  আৰাম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা আৰু ভোগদৈপৰীয়া কবি সন্মিলনৰ বিগত বৰ্ষৰ কাৰ্যসূচীৰ বিষয়ে বিবৰি কয় মুখ্য সচেতক ড0 জ্যোতিৰেখা হাজৰিকাই । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বঁটা প্ৰদান কৰি বিশিষ্ট সাহিত্যিক ড0 বসন্ত কুমাৰ গোস্বামীয়ে কয় যে যোৰহাটৰ এই মুকুটাটিক ৰাইজে চিনিবই পৰা নাছিল ।ভোগদৈপৰীয়া কবি সন্মিলনে অতিহয় আদৰণীয় কাম এটা কৰিলে । উল্লেখযোগ্য যে লাবন্য দত্ত হাজৰিকা আৰু বোধেস্বৰ হাজৰিকা সোঁৱৰণী বঁটাটিত আছে চেলেং , এটি স্মাৰক ,সঁফুৰা সম্বৰ্ধনা পত্ৰ আৰু নগদ পাঁচ হাজাৰ টকা ধন । বঁটা প্ৰদান অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ কবি অৰূপজ্যোতি হাজৰিকা উপস্থিত থাকে । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা গোটৰ মুখপত্ৰ ' 'ভোগদৈপৰীয়া কবিকণ্ঠ ' আৰু মৃনলিনী গোস্বামীৰ গ্ৰন্থ " জীৱনী সাহিত্য ৰেঙনি , উন্মোচন কৰে ক্ৰমে ড0 বসন্ত কুমাৰ গোস্বামী আৰু  অজিত কুমাৰ বৰদলৈয়ে । উক্ত অনুষ্ঠানটিৰ আঁত ধৰে মুখপাত্ৰ সম্পাদক অজন্ত কুমাৰ বৰাই । উল্লেখ্য যে মুখপাত্ৰখনিৰ অতিথি সম্পাদক বিশিষ্ট চিকিৎসক তথা কবি ডাঃ প্ৰাঞ্জল জ্যোতি দত্ত । ইয়াৰ পিছতে অনুষ্ঠিত কবি সন্মিলনখনি সঞ্চালনা কৰে বিশিষ্ট কবি অজিত কুমাৰ বৰদলৈয়ে আৰু অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক নিৰদা গগৈ বৰুৱা । সন্মিলনত হেমা চৌধুৰী গগৈ , ৰঞ্জিত গগৈ , প্ৰাঞ্জল কুমাৰ লাহন, উত্তম কুমাৰ বৰদলৈ ,অশান্ত ৰাতুল দত্ত ,জুলি বৰুৱা , গাৰ্গী ভূঞা শইকীয়া ,বন্দনা সন্দিকৈ ,মনোজ নেওগ ,জয়ন্ত দত্ত , শিখা কাকতী ,অৰূপজ্যোতি শইকীয়া প্ৰমুখ্যে গোলাঘাট ,শিৱসাগৰ আৰু যোৰহাটৰ অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে । উক্ত অনুষ্ঠানটোত ' কাব্য কানন' যোৰহাটৰ নীহাৰিকা সোণোৱালৰ নেতৃত্বত এটি দলে সমবেত আবৃত্তি পৰিৱেশন কৰে । গোটৰ হৈ অংকুৰ বৰগোহাঞি ,দেবজিত গোস্বামী ,প্ৰাঞ্জল কুমাৰ খাউণ্ড ,বিপুল ৰেগন ,অভিজিত খটিয়া বৰুৱাই উদ্যোগ লয় ।

No comments