Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰ শিক্ষাখণ্ডত তিনিদিনীয়াকৈ ব্ৰেইল দিৱস উদযাপন

  গণ বাৰ্তা বিশেষ ,লখিমপুৰ , ৫ জানুৱাৰী: লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত খণ্ড...


 গণ বাৰ্তা বিশেষ ,লখিমপুৰ , ৫ জানুৱাৰী: লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ নেতৃত্বত শিক্ষাখণ্ডটোৰ বিভিন্ন প্ৰান্তত ব্ৰেইল শিক্ষা পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন যোৱা ২ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে ব্ৰেইল দিৱসৰূপে উদ্‌যাপন কৰা হয় । ২ জানুৱাৰীত শান্তিপুৰ ৰঙাজান মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়ত শিক্ষকসকলৰ মাজত সৰ্বাত্মক শিক্ষা , আৰ পি ডব্লিউ ডি এক্ট ২০১৬ আদিৰ ওপৰত সজাগতা সভাৰে শুভাৰম্ভ হোৱা দিৱসৰ কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা জহিং-কয়লামাৰী জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয়ত দিব্যাঙ্গ শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এঙাৰখোৱা চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত সমন্বিত বিভিন্ন প্ৰতিযোগিতা, সজাগতা সভা ,পুৰষ্কাৰ বিতৰণ আদি অনুস্থিত হয় ।তৃতীয় দিনা লখিমপুৰৰ আজাদস্থিত শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানত সামৰণী অনুষ্ঠানত পূৱা ১০ বজাত পতাকা উত্তোলন কৰে লখিমপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনে । ১১ বজাত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই মাল্যাৰ্পন কৰে বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ অধ্যক্ষ নাৰায়ন দলেয়ে আৰু সমল ব্যক্তি পংকজ হাজৰিকাই বি এড পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত দিব্যাংগতাৰ কাৰণ , প্ৰতিকাৰ তথা আইনৰ ওপৰত আলোকপাত কৰে । লুই ব্ৰেইলৰ জন্মদিনৰ কেক কাটে ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্ধ শিক্ষক কল্যান গগৈয়ে । দিনৰ ১২ বজাত ডায়েটৰ প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰা এটা সমৱেত সংগীতৰ পাছতে উত্তৰ লখিমপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক ৰূপম সোনোৱালৰ সভাপতিত্বত অনুস্থিত সভাখনি উদ্বোধন কৰে জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে । সভাখনত উপস্থিত থাকি সাংবাদিক বুবুল হাজৰিকা , মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা° অৰ্পনা দত্ত , সৰ্বশিক্ষাৰ জিলা আঁচনি প্ৰবন্ধক বৰ্ণালী চিন্তে , প্ৰবক্তা মৃণাল শৰ্মা বৰুৱা ,অধ্যক্ষা দুলামী হেৰেঞ্জ পাণ্ডু আদিয়ে ভাষণ প্ৰদান কৰে । উক্ত সভাতে লখিমপুৰৰ ২৯ জন দিব্যাঙ্গ শিশুক সহায়ক সঁজুলি প্ৰদান কৰা হয় । সহকাৰী সহায়ক সমল ব্যক্তি চক্ৰ ভৰালী , মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ধীৰুমনি শইকীয়া , মৃদুল কলিতা , শিক্ষয়িত্ৰী বাবলী ৰয় , হিমাশ্ৰী বৰাকে আদি কৰি শতাধিক লোকে অংশগ্ৰহণ কৰা সভাখনৰ শেষত এটি শপতবাক্য পাঠ কৰি দিব্যাঙ্গসকলক সৰ্বতোপ্ৰকাৰে আগবঢ়াই নিয়াৰ সকলোৱে সংকল্প গ্ৰহণ কৰে । 

No comments