Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ হাতিসাৰত ১৫০ বিপিএফ কৰ্মীৰ ইউ পি পি এলত যোগদান

  সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৯ জানুৱাৰী :  বিটিচি নিৰ্বাচনৰ পিছত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনালৈ মাজতে আৰু মাথো দুমাহ বাকী থকা সময়তে বিটিআৰত শে...


 সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৯ জানুৱাৰী : বিটিচি নিৰ্বাচনৰ পিছত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনালৈ মাজতে আৰু মাথো দুমাহ বাকী থকা সময়তে বিটিআৰত শেহতীয়াকৈ বিপিএফ দলৰ কৰ্মী সমৰ্থকৰ মাজত প্ৰমোদ বড়ো নেতৃত্বধীন ইউ পিপিএলৰ দলত যোগদান কৰাৰ ধুম উঠিছে । বিগত দিনবোৰত বিভিন্ন ঠাইত বিপিএফ কৰ্মী সমৰ্থকে ইউ পিপিএলত যোগদান কৰাৰ পিছত পুনৰাই আজি চিদলী বিধানসভাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী হাতিসাৰত শতাধিক বিপিএফ কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰে । উল্লেখযোগ্য যে , আজি হাতিসাৰত অনুষ্ঠিত যোগদান পৰ্বত অঞ্চলটোৰ ১৫০ গৰাকী বিপিএফ কৰ্মী ইউ পিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে । নৱাগত কৰ্মী সকলক বিটিআৰ চৰকাৰৰ বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু মনোনীত সদস্য মাধৱ চন্দ্ৰ ছেত্ৰীয়ে একোখন ফুলাম গামোচাৰে আদৰণি জনায় । যোগদান পৰ্বত উপস্থিত থাকি কাৰ্যবাহী সদস্য বসুমতাৰীয়ে ভাৰত ভুটান সীমন্তৱৰ্তী অঞ্চলৰ খোৱাপানীকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃতধীন চৰকাৰে কাম কৰিব । সেয়ে অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে প্ৰমোদ বড়ো চৰকাৰক অধিক শক্তিশালি কৰিবলৈ সকলোকে আহ্বান জনায়। উক্ত সভাত তিনি শতাধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে ।

No comments