Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মেট্টিক পৰীক্ষাৰ আৰ্হিত সোণতলীত এক্সেলেণ্ট টেলেণ্ট ছাৰ্চ পৰীক্ষা সম্পন্ন

গণবাৰ্তা,সোণতলী,২৪ ডিচেম্বৰ: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি এক্সেলেণ্ট একাডেমী প্ৰাঙ্গণত হাইস্কুল শিক্ষান্ত পৰীক্ষা...


গণবাৰ্তা,সোণতলী,২৪ ডিচেম্বৰ: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি এক্সেলেণ্ট একাডেমী প্ৰাঙ্গণত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰ্হিত এক্সেলেণ্ট টেলেণ্ট ছাৰ্চ  নামেৰে এখনি প্ৰতিযোগীতা মূলক পৰীক্ষা অনুষ্ঠিত হয়।জানিব পৰা মতে প্ৰথম বাৰৰ বাবে ৯০ নম্বৰৰ কেৱল মাত্ৰ সাধাৰণ গণিতৰ পৰীক্ষা অনুষ্ঠিত হয়।সোণতলীৰ এক্সেলেণ্ট একাডেমী আৰু টুপামাৰীৰ আদৰ্শ শিশু বিদ্যালয় দুটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হয়।এক্সেলেণ্ট একাডেমী পৰীক্ষা কেন্দ্ৰত  এক্সেলেণ্ট একাডেমী,বন্দেছ আলী মেমোৰিয়েল একাডেমী,ছৈয়দা আনোৱাৰা টাইমুৰ হাইস্কুলক লৈ চৰকাৰী,বেচৰকাৰী আৰু কেইবাখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়কে ধৰি ২০ খন বিদ্যালয়ৰ  ৮০ গৰাকী মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।পৰীক্ষা নিয়ন্ত্ৰক আবিৰুল হক আৰু তত্বাৱধায়ক ৰমজান আলীয়ে জানিবলৈ দিয়া মতে প্ৰতিমাহতে এটা -এটাকৈ বিষয়ৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰিব।উক্ত পৰীক্ষাত প্ৰথম,দ্বিতীয়,তৃতীয় স্থান পোৱা ছাত্ৰ-ছাত্ৰীক ৩০০০,২০০০, আৰু ৫০০ টকাৰ লগতে লেটাৰ মাৰ্ক পোৱা সকলক বিশেষ বাবে পুৰস্কৃত কৰিব।পুৰস্কাৰ সমূহ ২৬ জানুৱাৰীৰ দিনা বিতৰণ কৰিব বুলি জানিব পৰা গৈছে।

No comments