গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২১ জানুৱাৰী: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি আৰু ৩৫ নং অভয়াপুৰী দক...
গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২১ জানুৱাৰী: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি আৰু ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃজাঃ) বিধান সভা সমষ্টি দুটাৰ ২০২১ চনৰ ফটোযুক্ত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ পৰা জানিব দিয়া মতে যোৱা ১৮ তাৰিখৰ দুপৰীয়াৰ সময়ত জিলাখনৰ সমষ্টি দুটাৰ নিৰ্বাচন বিধি ১৯৬০ চনৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম তাৰিখ ভিত্তি তাৰিখ হিচাপে গন্য কৰি উক্ত নিৰ্ধাৰিত সমষ্টি দুটাৰ চুড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। তালিকাখনত সমষ্টি দুটাৰ নতুনকৈ ভোটাৰৰ নাম সন্নিৱিষ্ট হোৱাৰ সংখ্যা ক্ৰমে ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত ৬০৬২ জন আৰু ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃজাঃ) বিধান সভা সমষ্টিৰ ৬৮০৫ জনৰ নাম অন্তৰ্ভুক্ত হয়। আজিৰ তাৰিখলৈ সমষ্টি দুখনত ভোটাৰৰ সংখ্যা সৰ্বমুঠ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত ১৭৯২৯৮ জন আৰু ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃজাঃ) বিধান সভা সমষ্টিত ২০৫৭৪৮ জন। উল্লেখ্য যে আজিৰ সভাখন মহকুমা খনৰ কাৰ্যালয়ৰ সভাকক্ষত ভাৰপ্ৰাপ্ত মহকুমাধিপতি কমল বৰুৱাৰ সভাপতিত্বত মহকুমা নিৰ্বাচনী বিষয়া তন্ময় ঘোষৰ লগতে কাৰ্যালয়ৰ জ্যোষ্ঠ সহায়ক প্ৰফূল্ল চৌধুৰীৰ সমন্বিতে উক্ত কাৰ্যালয়ৰ কৰ্মচাৰীও উপস্থিত থাকে।
No comments