Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত স্কুটী লাভ কৰি উৎফুল্লিত মেধাৱী ছাত্ৰী ভৱিষ্যৎ প্ৰজন্মক প্ৰতিযোগীতা মুখী কৰি তুলিব এই বঁটাই

গণবাৰ্তা বিশেষ, যোৰহাট ২ জানুৱাৰী :  আজি যোৰহাটত প্ৰজ্ঞা ভাৰতীৰ অধীনত ড0  বাণীকান্ত কাকতি বঁটা একোখনকৈ স্কুটী প্ৰদান কৰা হয় মেধাৱী ছাত্ৰী সক...


গণবাৰ্তা বিশেষ, যোৰহাট ২ জানুৱাৰী :  আজি যোৰহাটত প্ৰজ্ঞা ভাৰতীৰ অধীনত ড0  বাণীকান্ত কাকতি বঁটা একোখনকৈ স্কুটী প্ৰদান কৰা হয় মেধাৱী ছাত্ৰী সকলক । কাছাৰী ময়দানত অনুস্থিত হোৱা অনুস্থানত বঁটা গ্ৰহন কৰি মেধাৱী ছাত্ৰী সকলে কয় যে আজিৰ দিনটো অতি আনন্দৰ দিন । পিতৃ মাতৃয়ে ছাত্ৰ ছাত্ৰীক যিকোনো বস্তু প্ৰয়োজন অনুসৰি দিয়ে যদিও এই বঁটাৰ দ্বাৰা স্কুটী লাভ কৰি এক অনন্য অনুভৱ হৈছে । মেধাৱী ছাত্ৰী সকলে লগতে কয় যে ইয়াৰ দ্বাৰা ভৱিষ্যৎ প্ৰজন্মৰ মাজত প্ৰতিযোগীতা মুলক ভাৱ বৃদ্ধি পাব আৰু এতিয়াৰ পৰা ছাত্ৰী সকলৰ দ্বায়িত্ব অধিক বৃদ্ধি পোৱা বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। অনুস্থানত উপস্থিত থাকি মন্ত্ৰী যোগেন মহনে কয় যে অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী চৰকাৰ সকলো লগ হয় শিক্ষা বিভাগটো অধিক উন্নতিৰ দিশলৈ নিব লাগিব । চৰকাৰে আঁচনি সমূহ প্ৰদান কৰে কিন্তু এই আচনি সমূহ ৰূপায়নৰ ক্ষেত্ৰত ৰাইজৰ সহযোগীতা প্ৰধান হৈ পৰে । এই বঁটা লাভ কৰা ছাত্ৰী সকলক উদ্দেশ্যি কয় যে ছাত্ৰী সকলে এতিয়াৰ পৰা অধিক প্ৰতিযোগী মন লৈ উচ্চ শিক্ষাৰ দিশত গতি কৰিব লাগিব । শিক্ষা এটা জাতিৰ মেৰুদণ্ড বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ব্যক্তি শিক্ষিত নহলে জাতি ৰক্ষা কৰাটো অসম্ভৱ। অনুস্থানত অংশ গ্ৰহন কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে বৰ্তমান সমগ্ৰ পৃথিৱী প্ৰতিযোগীতা মুলক হৈ পৰিছে ।গতিকে ছাত্ৰী সকলেও নিজৰ মন মস্তিস্ক সঠিক কৰি প্ৰতিযোগীতাত অৱৰ্তীন্ন হলেহে  সুফল পাব পাৰিব । উল্লেখযোগ্য যে জিলা খনত মূঠ ১৩২৪ গৰাকী ছাত্ৰীয়ে এই বঁটা  লাভ কৰিছে । আজি আনুস্থানিক ভাৱে ১০ গৰাকী ছাত্ৰীক এই বটা প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে । অনুস্থানত জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জী কৰাটি, জিলা আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ বিমল বৰাকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

No comments