আতিকুৰ ৰহমান, দুমুনিচকী ২১ জানুৱাৰী: উৰা বাতৰি , বেজ বেজালী বিশ্বাস নকৰিব , ডাইনী হত্যা বন্ধ কৰক ভূত প্ৰেত বিশ্বাস নকৰিব " আদি শ্লোগ...
আতিকুৰ ৰহমান, দুমুনিচকী ২১ জানুৱাৰী: উৰা বাতৰি , বেজ বেজালী বিশ্বাস নকৰিব , ডাইনী হত্যা বন্ধ কৰক ভূত প্ৰেত বিশ্বাস নকৰিব " আদি শ্লোগান লিখা বেনাৰ - ফেষ্টোন লৈ যোৱা ১৯ জানুৱাৰীত পশ্চিম দৰঙৰ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা শিক্ষক সকলে গাঁৱৰ পথত শোভাযাত্ৰা কৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে আৰু বিজ্ঞানৰ সপক্ষে বাণী প্ৰচাৰ কৰে। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ উদ্যোগত "সংস্কাৰ : মানুহে মানুহৰ বাবে" শীৰ্ষক অভিযানৰ অধীনত এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল। বৃক্ষ ৰোপন , ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা , প্ৰচাৰ পুষ্টিকা বিতৰণ , শোভা যাত্ৰা , সজাগতা সভা, গীত নৃত্য আদি এলানি কাৰ্য্য সুচিৰ মাধ্যমেৰে আয়োজন কৰা সজাগতা মূলক কাৰ্য্যসুচীৰ কালি অন্ত পাৰে। ২০ জানুৱাৰীত সংস্লিষ্ট বিদ্যালয় খনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মদন মোহন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত পাথৰিঘাট ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া অমৰ জ্যোতি নাথ আৰু বিজ্ঞান কৰ্মী তথা কণ্ঠশিল্পী প্ৰভাত বণিয়া আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি সমাজত প্ৰচলিত হৈ থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়। যি কোনো কথা বা ঘটনা বিজ্ঞানৰ দৃষ্টি ভঙ্গীৰে চালি জাৰী চাইহে গ্ৰহণ কৰাৰ বাবে বক্তা সকলে উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আহ্বান জনাই। সভাখন উদ্বোধন কৰিছিল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিনেশ্বৰ ৰাজবংশী যে। সভাৰ মাজতে অন্ধবিশ্বাস বিৰোধী সজাগতা মূলক গীত, কবিতা আৰু নৃত্য ছাত্ৰী সকলে পৰিৱেশন কৰে। সভাৰ আৰম্ভণিতে "সংস্কাৰ: মানুহে মানুহৰ বাবে" এই কাৰ্য্যসূচী ৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ ইকোঁ ক্লাবৰ তত্বাৱধায়ক শিক্ষক হিৰণ্য কুমাৰ নাথে। উল্লেখ্য যে দৰং জিলাৰ তিনিখন বিদ্যালয় এই কাৰ্য্যসূচী ৰূপায়নৰ বাবে নিৰ্বাচিত হৈছিল। আন দুখন বিদ্যালয় হল ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আৰু উত্তৰ মঙলদৈ হাইস্কুল ।
No comments