Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জনীয়া ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পত জনীয়া শাখাৰ ই-ৰিক্সা চালক মাজত ষ্টিকাৰ বিতৰণ সভা

  গণবাৰ্তা,২৫-জানুৱাৰী : সদৌ বৰপেটা জিলা অসংগঠিত খণ্ড শ্ৰমিক ইউনিয়ন অন্তৰ্গত বৰপেটা জিলা ই- ৰিক্সা চালক ইউনিয়নৰ জনীয়া শাখা কমিটিৰ উদ্যোগত যো...

 


গণবাৰ্তা,২৫-জানুৱাৰী : সদৌ বৰপেটা জিলা অসংগঠিত খণ্ড শ্ৰমিক ইউনিয়ন অন্তৰ্গত বৰপেটা জিলা ই- ৰিক্সা চালক ইউনিয়নৰ জনীয়া শাখা কমিটিৰ উদ্যোগত যোৱা ২৪ জানুৱাৰীত  ষ্টিকাৰ বিতৰণী সভা অনুষ্ঠিত হয় ।  জনীয়া শাখাৰ জাকিৰ হুছেইনৰ তত্বাৱধানত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক তথা ই-ৰিক্সা ইউনিয়নৰ উপদেষ্টা আব্দুল মালিকে । জনীয়া ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পত  অনুষ্ঠিত ষ্টিকাৰ বিতৰণ সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ইউনিয়নৰ উপ-সভপতি আব্দুল হালিমে । উক্ত সভাত ই- ৰিক্সা চালকলৈ ষ্টিকাৰ বিতৰণৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী আব্দুল মালিক,অধিবক্তা নুৰুল ইছলামে । সভাত সদৌ বৰপেটা জিলা ই- ৰিক্সা চালক ইউনিয়নৰ সভাপতি অচ্যুত পাঠকে চালক সকলক নীতি নিয়মৰ মাজত থাকি যাত্ৰীৰ লগত সৎ ব্যৱহাৰ কৰি নিজৰ কৰ্মত আগবাঢ়ি যাবলৈ আহ্বান জনায়  । তদুপৰি তেখেতে চালক সকলৰ অভাৱ অভিযোগৰ ওপৰতো বক্তব্য ৰাখে  । ই- ৰিক্সা চালক ইউনিয়নৰ উপদেষ্টা তথা সাংবাদিক মইনুল হক চৌধুৰীয়ে চালক সকলৰ বাবে এটি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে । সভাত অধিবক্তা নুৰুল ইছলামে চালকসকলৰ ড্ৰাইভিং  লাইচেঞ্চ, ইঞ্চুৰেঞ্চৰ প্ৰয়োজনৰ ওপৰত বক্তব্য ৰাখে । সভাত ইউনিয়নৰ সম্পাদক আব্দুল হাইয়ে কয় যে আমি যি কৰ্মই নকৰো কিয় ধৈৰ্য্য আৰু নিষ্ঠা সহকাৰে কঠোৰ শ্ৰম কৰি গলে  সফলতা নিশ্চিত  । উক্ত সভাত জনীয়া শাখাৰ ই-ৰিক্সা চালক সকল।উপস্থিত থাকে ।

No comments