Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এচকাৰ্ড বেংক হোজাই শাখা নীলবাগানৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন; দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা শাখা খোলা ৰখাৰ আহ্বান

গনবাৰ্তা হোজাই, ডবকা ৯ জানুৱাৰী :অসমৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগী সকলৰ কল্যাণাৰ্থে গঠিত এচকাৰ্ড বেংক ১৯৯৬ চনৰ পৰা নিম্ন গামী হৈ বৰ্তমান একেবাৰে...


গনবাৰ্তা হোজাই, ডবকা ৯ জানুৱাৰী :অসমৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগী সকলৰ কল্যাণাৰ্থে গঠিত এচকাৰ্ড বেংক ১৯৯৬ চনৰ পৰা নিম্ন গামী হৈ বৰ্তমান একেবাৰে শোচনীয় অৱস্থা পাইছে গৈ। শেহতীয়া ভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰচেষ্টাৰ বাবে পুৰ্নজীৱিত হোৱাৰ পথত আগবাঢ়িছে বুলি জানিব পৰা গৈছে। বেংক খনৰ উচ্চ সদন লৈ প্ৰতি বছৰে প্ৰতিখন শাখা এলেকাৰ সদস্যৰ প্ৰতি প্ৰায় ৫০ জনৰ মাজৰ পৰা একোজনকৈ সদস্য নিৰ্বাচিত হোৱাটো নিয়ম। কিন্তু হোজাই জিলাৰ নীলবাগানত অৱস্থিত শাখাখন দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাত কোনো সদস্য নিৰ্বাচিত হোৱা নাছিল। বেংক খনৰ মুখ্য কাৰ্যবাহী সঞ্চালক ঘন পেগুৰ একান্ত চেষ্টাৰ বাবে বেংক খনৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক ইন্দ্ৰ মহন্তৰ মৌখিক নিৰ্দেশত নগাও শাখাৰ কৰ্মচাৰী ইছলাম উদ্দিনে যোৱা শনিবাৰে ডবকাত শাখা খনৰ সদস্য সকলৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে হোজাই জিলাৰ জেষ্ঠ নাগৰিক তথা উচ্চ সদনৰ প্ৰাক্তন সদস্য আব্দুল খালিকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বেংক খনৰ কৰ্মচাৰী ইছলাম উদ্দিনে উপস্থিত সদস্য সকলক বেংক  খনৰ উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে নতুন কৈ নিৰ্বাচিত হোৱা সদস্য সকলৰ নাম ৰাইজৰ সন্মুখত পঢ়ি শুনায়। সভাত উপস্থিত থকা গন্য মান্য কেবাজন সদস্যই মুল্যবান ব্যক্তব্য আগবঢ়োৱাৰ লগতে বৰ্তমান অসম চৰকাৰে অতি সোনকালে পুজিৰ যোগান ধৰিবলৈ আহ্বান জনোৱাৰ লগতে হোজাইৰ নীলবাগানত থকা শাখাখন নিয়মিত ভাবে খোলা ৰাখিবলৈ বেংক কৰ্তৃপক্ষলৈ আহ্বান জনায়। উচ্চ সদনলৈ নিৰ্বাচিত হোৱা সদস্য সকল ক্ৰমে আব্দুল খলিক, খলিলুৰ ৰহমান লস্কৰ, নজৰুল হক, মেহবুব আলম চৌধুৰী, ছাদুল্লা আহমেদ বৰভুঞা আৰু  মুন মুন দে বুলি জানিব পৰা গৈছে।

No comments