গণবাৰ্তা, কাকডোঙা ১৩ জানুৱাৰীঃ ভোগালীৰ বিহুৰ প্ৰাকক্ষণতেই নিশা দেৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত তথা লাহটি চাৰিআলিত জুইত জাহ যায় তিনি...
গণবাৰ্তা, কাকডোঙা ১৩ জানুৱাৰীঃ ভোগালীৰ বিহুৰ প্ৰাকক্ষণতেই নিশা দেৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত তথা লাহটি চাৰিআলিত জুইত জাহ যায় তিনিখনকৈ দোকান। মঞ্জু ধৰৰ মালিকানাধীন দোকান কেইখনত যোৱা নিশা ৰাতি প্ৰায়ে ১২ বজাত জুই লাগে। জুই লগা খৱৰ গম পোৱাৰ লগে লগে স্থানীয় লোকে আগ্ননিৰ্বাপক বাহিনীক খৱৰ দিয়ে আৰু মঞ্জু ধৰক ফোন কৰি জানিবলৈ দিয়ে। আগ্ননিৰ্বাপক বাহিনীয়ে ততালিকে জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে দোকান কেইখনৰ সামগ্ৰী জুই শিখাত জাহ যায়। তামোল পাণ, চিৰা মুড়িৰে বাণিজ্যি কৰি থকা সংগীতা চাহু আৰু পাচলি, মাছ দোকানেৰে পৰিয়ালৰ পোহপাল দিয়া অন্য দুজনৰ সাহ সামগ্ৰী জুইত জাহ যোৱা বুলি মঞ্জু ধৰে জানিবলৈ দিয়ে। কোনা বিদ্যুৎ সংযোগ নথকা দোকান কেইখনত জুই লগা উৎস নথকা ঘটনাক সহজ ভাবে লব পৰা নাই স্বতাধিকাৰী মঞ্জু ধৰ আৰু স্থানীয় লোকে। দোকান কেইখনত বাণিজ্য কৰি থকা লোক সকলে সন্ধিয়া ৭ বজাত বেপাৰ সামৰি ঘৰলৈ যায় বুলি জানিবলৈ দিয়ে। ইয়াৰ আগতে নিশা চুৰি কাৰ্য সংঘটিত হোৱা দোকান কেইখন কোনো দুষ্ট চক্ৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বতাধিকাৰী মঞ্জু ধৰে।
No comments