Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চূড়ান্ত ভোটাৰ তালিকা-২০২১ প্ৰকাশ : দৰঙৰ চাৰি সমষ্টিত ভোটাৰৰ সংখ্যা ৮,২৬,৪৬৫ গৰাকী

  ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৮ জানুৱাৰী : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰে দৰং জিলাৰ কলাইগাওঁ, ছিপাঝাৰ, মঙলদৈ, দলগাওঁ বি...


 ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৮ জানুৱাৰী : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰে দৰং জিলাৰ কলাইগাওঁ, ছিপাঝাৰ, মঙলদৈ, দলগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটাৰ পঞ্জীয়ণ বিষয়াসকলে  জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰি উলিয়াইছে চূড়ান্ত ভোটাৰ তালিকা-২০২১ । এই উপলক্ষে সোমবাৰে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্ত , নিৰ্বাচন পঞ্জীয়ন বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰে চূড়ান্ত ভোটাৰ তালিকা-২০২১  জনসাধাৰণৰ জ্ঞাতাৰ্থে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে । প্ৰকাশিত তালিকা অনুসৰি উপৰোক্ত চাৰিওটা সমষ্টিৰে মুঠ ভোটাৰৰ সংখ্যা ৮,২৬,৪৬৫ জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪,২০৯৮৬ জন আৰু মহিলা ভোটাৰ ৪,০৫,৪৬৫ গৰাকী আৰু তৃতীয় লিঙ্গৰ ভোটাৰৰ  সংখ্যা ১৪ জন । উল্লেখযোগ্য যে ভোটাৰ পঞ্জীয়ণৰ বাবে  ভাৰতৰ নিৰ্বাচন আয়োগে "ERO NET" নামৰ এক ৱেবভিত্তিক পদ্ধতি চিনাকী কৰি দিছে ।ৱেব পৰ্টেল www.NVSP.in ত গৈ ভোটাৰসকলে নিজৰ লগতে আন আন তথ্য জানিব পাৰিব । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই প্ৰত্যেকটো ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলক এই ক্ষেত্ৰত অধিক সক্ৰিয় হৈ ৰাইজৰ মাজত ভোট প্ৰদান বিষয়ত সজাগতা আনিবলৈ আহ্বান জনায় ।

No comments