Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰোডৰ বিলাসীপাৰাত অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ শাখা কাৰ্যালয় উদ্বোধন

দিদাৰ হুছেইন,হাউলী,২৫ জানুৱাৰীঃ  বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ বিলাসীপাৰাত সোমবাৰে দিনৰ ১১ বজাত অসম বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় খন এক...


দিদাৰ হুছেইন,হাউলী,২৫ জানুৱাৰীঃ বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ বিলাসীপাৰাত সোমবাৰে দিনৰ ১১ বজাত অসম বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় খন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উদ্বোধন কৰে অসম বহুমুখী সমবায় সমিতিৰ উপাধ্যক্ষ দিব্য বৰুৱাই | ইয়াৰ পিছত সমাজকৰ্মী আব্দুল খালেকৰ পৌৰোহিত্যত উদ্বোধনী সভা অনুষ্ঠিত হয় | উক্ত সভাত অসম বহুমুখী সমবায় সমিতিৰ সঞ্চালক প্ৰগ্ৰেছ কুমাৰ দাস, সঞ্চালক বীৰবাহু বসুমতাৰী, সঞ্চালক পবিত্ৰ কলিতা , সচিব দিব্যধৰ ফুকন আদিয়ে উপস্থিত থাকি সমবায় সমিতি খনৰ অংশীদাৰ পত্ৰ গ্ৰহনৰ লগতে ক্ষদ্ৰ ঋণ সংগ্ৰহৰ বাবে ৰাইজক আহ্বান জনায় | সভাত তিনিজন ব্যক্তিয়ে সমবায় সমিতি খনৰ অংশ পত্ৰ গ্ৰহন কৰে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে | সভাখনত সমবায় সমিতিৰ পশ্চিম অসম মাণ্ডলিক কাৰ্যালয় বৰপেটাৰোডৰ মাণ্ডলিক বিষয়া অমল শৰ্মা, যোৰহাটৰ প্ৰধান কাৰ্যালয়ৰ গাণনিক বিষয়া চিন্ময় বৰুৱা  সহ ভালে সংখ্যক সমবায় সমিতি খনৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে |


No comments