ধূলা, ৭ জানুৱাৰী: মঙ্গলদৈ সমষ্টিৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত টাংনি নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে নদী বান্ধৰ আধাৰ শিলা স্থাপন কৰে মঙ্গলদৈ স...
ধূলা, ৭ জানুৱাৰী: মঙ্গলদৈ সমষ্টিৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত টাংনি নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে নদী বান্ধৰ আধাৰ শিলা স্থাপন কৰে মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে । বিগত সময়ত হৈ যোৱা প্ৰলয়ঙ্কাকাৰী বানপানীৰ সুতে ভাঙি নিছিল টাংনি নদীৰ বান্ধ । বানপানী হৈ যোৱাৰ সময়ত বিধায়ক গৰাকীয়ে আহি পৰিদৰ্শন কৰি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অনতিপলমে এইখন পাৰৰ বৃহৎ বান্ধ নিৰ্মান হব বুলি । প্ৰতিশ্ৰুতি দিয়া মতেই যথা স্থানত দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, দৰং জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞা, দৰং জিলা পৰিসদৰ মুখ্য কার্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গোবিন্দ কলিতাৰ সৈতে বিধায়ক গুৰুজ্যোতি দাস উপস্থিত হৈ ৰাইজৰ সুবিধাৰ্থে বৃহৎ নদী বান্ধৰ আধাৰ শিলা স্থাপন কৰে । অনুষ্ঠান খনত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক মাজব আলিয়ে। প্ৰায় 32 লাখ টকাৰ অনুমোদন দিয়ে উক্ত কামটোত। আধাৰশিলা স্থাপন কৰাৰ লগতে বিগত পোন্ধৰ বছৰে ৰাজত্ব কৰি যোৱা কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিগত পোন্ধৰ বছৰে মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়কৰ ৰাজত্ব কালত এই নদী বান্ধৰ চিন্তা চৰ্চা কৰিব পৰা নাছিল বুলি মন্তব্য কৰে বিজেপি বিধায়ক গুৰুজ্যোতি দাসে। অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকেই নদী বান্ধৰ ওপৰত বক্তব্য ৰাখে অনুষ্ঠান খনত। আনহাতে যুৱ বিধায়ক গৰাকী নতুন উদ্যমেৰে অবিৰত আৰু তুলনাবিহীন ভাবে বিগত চাৰিবছৰে এটাৰ পিছত এটাকৈ উন্নয়নমূলক কাম কৰি আহিছে। বিধায়ক গৰাকীৰ নেতৃত্বত এই টাংনি নদী দাঁতিকাষৰীয়া অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা যেন অন্ত পৰাৰ দিশত অগ্ৰসৰ হৈছে। এনেদৰে বিধায়ক গৰাকীয়ে অবিৰত ভাবে ৰাইজৰ মাজত নিজকে ব্যস্ত ৰাখি ৰাইজৰ সেৱা আগবঢ়োৱাৰ লগতে প্ৰতিশ্ৰুতি পালন কৰি অহা পৰিলক্ষিত হৈছে।
No comments