Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ভোগালী উৎসৱৰ আয়োজন

  গনবাৰ্তা বকো, ১২ জানুৱাৰী: কামৰূপ জিলাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত আজি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন কৰা...


 গনবাৰ্তা বকো, ১২ জানুৱাৰী: কামৰূপ জিলাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত আজি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে খণ্ড উন্নয়ন বিষয়া উষা ডেকাই আঁত ধৰা ভোগালী মেলাত ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনত থকা বিভিন্ন ঠাইৰ পৰা কেবা শতাধিক দোকান- পোহাৰৰ লগতে কৃষিজাতৰ বিভিন্ন শাক পাচলিৰ দোকানে মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ উল্লেখ্য পোন প্ৰথম বাৰৰ বাবে ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত ভোগালী মেলাৰ উৎসৱ অনুষ্ঠিত কৰাত অঞ্চল সমূহৰ পৰা কেবা শতাধিক ৰাইজৰ লগতে বিভিন্ন ব্যৱসায়ী সকলে বস্তু সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হয়৷ ভোগালী উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ভোগালী মেলাৰ আয়োজন কৰা ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উষা ডেকাৰ উপৰিও খণ্ড উন্নয়ন বিষয়াৰ কৰ্মচাৰীকে ধৰি কনিষ্ঠ অভিযন্তা গৌতম চৌধুৰী, আঞ্চলিক সদস্য আমজাদ হুছেইন, আমিন ময়নুল হক, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বাবুল কলিতা, পঞ্চায়তৰ সভাপতি - আঞ্চলিক সদস্য সকলে আজি ভোগালী মেলাত ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ভোগালীৰ লাৰু - পিঠাকে ধৰি সকলো ধৰনৰ পিঠাই দৰ্শকৰ মনত আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

No comments