গণবাৰ্তা, দুধনৈ, ২৮ জানুৱাৰী: আৰক্ষী আৰু জনসাধাৰণৰ মাজত ভাতৃত্ববোধ তথা সু-সম্পৰ্ক বজাই ৰখাৰ উদ্দেশ্যৰে দুধনৈ আৰক্ষী থানাৰ উদ্যোগত আৰু গাও...
গণবাৰ্তা, দুধনৈ, ২৮ জানুৱাৰী: আৰক্ষী আৰু জনসাধাৰণৰ মাজত ভাতৃত্ববোধ তথা সু-সম্পৰ্ক বজাই ৰখাৰ উদ্দেশ্যৰে দুধনৈ আৰক্ষী থানাৰ উদ্যোগত আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত দুধনৈ বালাচৰা ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা এদিনীয়া ফুটবল প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতীয়ে৷ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা উপস্থিত থকা প্ৰতিযোগিতা খনিৰ চুড়ান্ত খেলখনত ইষ্ট ব্লেক গাওঁৰক্ষী বাহিনী এফচি দলে ওৱেষ্ট ৰয়েল গাওঁঁৰক্ষী বাহিনী দলক ২-১ গলৰ ব্যবধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ লগতে ট্ৰফী আৰু নগদ পাঁচ হেজাৰ টকা দিয়া হয়৷ ওৱেষ্ট ৰয়েল এফচি দলে ৰাণাৰ্চ আপৰ খিতাপ আৰু নগদ আঢ়ৈ হেজাৰ টকা লাভ কৰে৷ খেলৰ প্ৰথমাৰ্ধত ইষ্ট ব্লেক গাওঁৰক্ষী এফচি দলৰ চিৰঞ্জীত ৰাভাই দুটাকৈ গ’ল দি ইষ্ট ব্লেক গাওঁৰক্ষী বাহিনী দলক বিজয়ৰ সোৱাদ দিয়ে৷ চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ইষ্ট ব্লেক দলৰ চিৰঞ্জীত ৰাভাই৷ প্ৰতিযোগিতা খনিত দুধনৈ আৰক্ষী থানাৰ অধীনষ্ঠ মুঠ চাৰিটা দলে অংশ গ্ৰহণ কৰিছিল ৷ খেল সমূহ উপভোগ কৰিবলৈ খেলপথাৰৰ চাৰিওফালে ভিৰ কৰে বহু দৰ্শকেও।
No comments