গণ বাৰ্তা, ডবকা, ২৪ জানুৱাৰীঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত যমুনাগাৱত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা ৷ কন্যাৰ বিবাহৰ দিনাই পিতৃৰ ৰহস্য...
গণ বাৰ্তা, ডবকা, ২৪ জানুৱাৰীঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত যমুনাগাৱত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা ৷ কন্যাৰ বিবাহৰ দিনাই পিতৃৰ ৰহস্যজনক মৃত্যুৱে হোজাই জিলাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে পিতৃৰ মৃতদেহ ৷ লোকজনৰ নাম উচমান গণি বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, উচমান গনিৰ এগৰাকী কন্যাৰ আজি অৰ্থাত দেওবাৰে বিবাহৰ দিন ধাৰ্য কৰা আছিল ৷ নিশা উচমান গনিৰ নিজৰ দুই পুত্ৰৰ সৈতে কথাৰ কটাকটি হৈছিল, যাৰ পৰিণতিত দুয়ো পুত্ৰই উচমান গনিক নিশা ঘৰৰ পৰা টানি ঘৰৰ পৰা উলিয়াই দিছিল বুলি মৃত উচমান গনিৰ পত্নীয়ে জানিবলৈ দিয়ে ৷ পত্নীৰ স্বীকাৰোক্তিৰ ভিত্তিত দুয়ো পুত্ৰই পিতৃক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে ৷ দুই পুত্ৰৰ অত্যাচাৰত পিতৃ উচমান গনি মানসিকভাৱে জৰ্জৰিত হৈ আত্মহত্যা কৰা বুলিও সন্দেহ কৰিছে আন একাংশ লোকে ৷ ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷ লগতে মৃত উচমান গনিৰ দুয়ো পুত্ৰ ক্ৰমে হাইদৰ আলী আৰু উমেদ আলীক মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব, এয়া হত্যা নে আত্মহত্যা ।
No comments