Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙৰ নেপালী বজাৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী;অন্ধ মহিলা হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন আত্মসাৎ জনপ্ৰতিনিধিৰ

  গণ বাৰ্তা, নেপালী বজাৰ , ৮ জানুৱাৰী:  দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱালৰ দিনতো  অব্যাহত আছে দুৰ্নীতি । শেহতীয়...

 


গণ বাৰ্তা, নেপালী বজাৰ , ৮ জানুৱাৰী: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱালৰ দিনতো  অব্যাহত আছে দুৰ্নীতি । শেহতীয়া ভাৱে  এক দুৰ্নীতি পোহৰলৈ আহিছে দৰঙৰ নেপালী বজাৰত । এজন জনপ্ৰতিনীধিৰ নিৰ্লজ্জ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নেপালী বজাৰ অঞ্চলত । ৱাৰ্ড সদস্যক  পুত্ৰ দাবী দিয়াৰ পাছতো ধনৰ লোভ সামৰিব নোৱাৰি  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাত কৰাৰ  অভিযোগ জন প্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে  । অভিযোগ মতে , দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ  গলন্দি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুলিয়াপাৰা গাঁৱৰ এগৰাকী অন্ধ মহিলা হিতাধিকাৰীৰ নামত আবন্টন হৈছিল প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ এখন ঘৰ । স্বামী সন্তান নথকা মহিলা গৰাকীয়ে ঘৰ খন নিৰ্মাণৰ দায়িত্ব দিছিল গাওঁ খনৰ ৱাৰ্ড সদস্য মহৰ আলীক । চতুৰ ৱাৰ্ড সদস্য গৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰীৰে ঘৰ খনৰ কাম আৰম্ভ কৰে যদিও কাম সম্পূৰ্ণ নকৰি একাউণ্টৰ পৰা সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী হিতাধিকাৰী গৰাকীয়ে । বাকী থকা  ঘৰৰ কাম সম্পূৰ্ণ কৰাৰ বাবে হিতাধিকাৰীৰ  পৰা ধন বিচাৰে ৱাৰ্ড সদস্য গৰাকীয়ে । অন্ধ মহিলা গৰাকীয়ে জনপ্ৰতিনিধি জনক অতিৰিক্ত টকা নিদিয়াৰ বাবে আজিও অসম্পূৰ্ণ হৈ আছে ঘৰ খন । ঘৰ খনৰ কাম সম্পূৰ্ণ কৰাৰ কথা কলে ৱাৰ্ড সদস্য জনে মহিলা গৰাকীৰ জব কাৰ্ডৰ একাউণ্টৰ পৰা টকা উঠাই বিচাৰে বুলি ভুক্তভোগী হিতাধিকাৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত  মন্তব্য কৰে । উল্লেখযোগ্য যে চৰকাৰে ঘৰ আবন্টন দিছে যদিও ঘৰ খনৰ কাম সম্পূৰ্ণ নোহোৱাত আনৰ ঘৰত আশ্ৰয় লৈ থাকিব লগীয়া হৈছে অন্ধ মহিলা গৰাকীয়ে । ৰাইজৰ দ্বাৰা নিৰ্বাচিত  জন প্ৰতিনিধিৰ এনে  নিৰ্লজ্জ কাণ্ডৰ  বিৰুদ্ধে  সঠিক তদন্ত কৰি  বিহিত  ব্যৱস্থা গ্ৰহণ  কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে ভোক্তভোগী মহিলা গৰাকীৰ লগতে স্থানীয় ৰাইজে ।


No comments