Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলাম দীৰ্ঘ সময় আবদ্ধ হৈ পৰে পথ অৱৰোধত

  গণবাৰ্তা, য'তিগাওঁ,৭ জানুৱাৰীঃ কেন্দ্ৰৰ মোডী চৰকাৰে গ্ৰহণ কৰা তিনিখনকৈ ক'লা কৃষি আইন বাতিল আৰু এম এছ পি গেৰান্টী প্ৰৱৰ্তনৰ দাবীত আ...

 


গণবাৰ্তা, য'তিগাওঁ,৭ জানুৱাৰীঃ কেন্দ্ৰৰ মোডী চৰকাৰে গ্ৰহণ কৰা তিনিখনকৈ ক'লা কৃষি আইন বাতিল আৰু এম এছ পি গেৰান্টী প্ৰৱৰ্তনৰ দাবীত আজি নিখিল ভাৰত কৃষক সভাৰ তিতাপানী আঞ্চলিকে বনঘুগী চ'কত পথ অৱৰোধ কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেনে সময়তে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে ৫৭ নং গাওঁ পঞ্চায়তৰ কে'বাটাও পথৰ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰিবলৈ গৈ আছিল। সেই সময়ত নিমখ ভাৰত কৃষক সভাৰ তিতাপানী আঞ্চলিকৰ উদ্যোগত চলি থকা পথ অৱৰোধত আবদ্ধ হৈ পৰে বিধায়ক গৰাকী। আন্দোলনকাৰী সকলে পথ মুকলি কৰি নিদিয়াত বিধায়ক গৰাকীয়ে আন্দোলনত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে অনা কৃষক বিৰোধী বিলৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে, ২৬ নবেম্বৰৰ পৰা দিল্লীত অব্যাহত আছে ঐতিহাসিক কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ ফলত অৰ্ধশতাধিক আন্দোলনকাৰী কৃষকে ছহীদৰ মৃত্যু বৰণ কৰাৰ পিছতো হৃদয় স্পৰ্শ কৰা নাই কৰ্পৰেটৰ হাতৰ পুতলা স্বৰূপ বিজেপি চৰকাৰ খনৰ। ঠিক তেনেদৰে দেশযোৰা আইন অমান্য কাৰ্যসূচীৰ অংশ হিচাপে কলগাছিয়াতো কৃষক আন্দোলনৰ সমৰ্থন আৰু ক'লা কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভা আৰু চি আই টিউৱে কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং গাওঁ পঞ্চায়তৰ কে'বাটাও ৰাস্তা নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয়। তদুপলক্ষে বৰভিটা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুনৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰভিটা গাওঁ পঞ্চায়তৰ সচিবে। সভাত উদ্বোধক হিচাপে উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে। বিধায়ক গৰাকীয়ে ৫ লাখ টকা ব্যয় সাপেক্ষে পেভাৰ ব্লকেৰে বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তৰ কাষৰ ধান কুটা মিললৈ, ৩,৫৭ লাখ টকা ব্যয়ৰে চি চি এম চি পথৰ পৰা পূৱ বৰভিটালৈ আৰু ৫ লাখ টকা ব্যয়ৰে চেণ্ড গ্ৰেভেলে সহ নিৰ্মাণ হ'বলগীয়া পথৰ কামৰ শুভাৰম্ভ কৰে। আজিৰ উদ্বোধনী সভাত দক্ষিণ তিতাপানী সমবায় সমিতিৰ সভাপতি ইছমাইল হুছেইন, সম্পাদক আব্দুছ ছবুৰ আহমেদৰ লগতে বৰভিটা গাওঁ পঞ্চায়তৰ ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে। বিধায়ক গৰাকীয়ে বৰভিটা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ কাম-কাজক প্ৰশংসা কৰা দেখা যায়।

No comments